নিউজ ডেস্ক : ভাৰতত কিছু নিয়ন্ত্ৰণলৈ আহিছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। পূৰ্বৰ তুলনাত ক’ভিডৰ শক্তি হ্ৰাস পাইছে যদিও নিৰ্মূল হোৱা নাই ক’ভিড। এৰিয়াও দেশত প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ আক্রান্ত হৈ আছে ক’ভিডত। বিগত কিছুদিন ধৰি মৃত্যুৰ সংখ্যা হাজাৰৰ তলত আছিল যদিও যোৱা ২৪ ঘণ্টাত পুনৰ হাজাৰৰ ঘৰ অতিক্ৰম কৰে মৃত্যুৰ সংখ্যাই।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰলায়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত পুনৰ নতুনকৈ ক’ভিডত আক্রান্ত হয় ৪৮ হাজাৰ ৭৮৬ জন লোক। ইয়াৰ মাজতে ক’ভিড যুঁজত জয়লাভ কৰি সুস্থ হৈ উঠে ৬১ হাজাৰ ৫৮৮ জন ৰোগী। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ১ হাজাৰ ৫ জন ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰে।
লগতে পঢ়ক : সোণাৰিবাসীৰ মানসিক অৱসাদ দূৰ কৰিছে ডি এল লাইব্ৰেৰীয়ে
দেশৰ ক’ভিড সৃষ্ট পৰিস্থিতি কিছু উন্নত হোৱাত বিগত কিছুদিন ধৰি প্ৰতিদিনে দেশত ক’ভিড ৰোগৰী মৃত্যুৰ সংখ্যা হাজাৰৰ তলত আছিল যদিও যোৱা ২৪ ঘণ্টাত পুনৰ হাজাৰৰ ঘৰ অতিক্ৰম কৰে মৃতকৰ সংখ্যাই। উল্লেখ্য যে ইয়াৰ পুর্বে সোমবাৰে দেশত ৪৬ হাজাৰ ১৪৮ জন আৰু মঙলবাৰে ৩৭ হাজাৰ ৫৬৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল।