নিউজ ডেস্ক : দেশত ক’ৰোনা ভাইৰাছৰ অ’মিক্ৰণ ভেৰিয়েন্টে ভয়ংকৰ ৰূপ ধাৰণ কৰিব পাৰে। বৃটেইন আৰু ফ্ৰান্সত অ’মিক্ৰণৰ সংক্ৰমণে আতংকৰ সৃষ্টি কৰাৰ মাজতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে ব্যক্ত কৰিছে এই আশংকা।

উল্লেখযোগ্য যে ভাৰতত বৰ্তমান অ’মিক্ৰণ ভেৰিয়েন্টৰ সংক্ৰমণ ১০১ জনলৈ বৃদ্ধি পাইছে। দেশৰ ১১খন ৰাজ্যত অ’মিক্ৰণৰ সংক্ৰমণ ধৰা পৰিছে আৰু ইয়াৰে ১৯ খন জিলাক চৰকাৰে ক’

বৃটেইনত যি গতিত সংক্ৰমণ বৃদ্ধি পাব ধৰিছে সেই হিচাপত যদি ভাৰতত সংক্ৰমণ বৃদ্ধি পাই তেতিয়া প্ৰত্যেক দিনা ভাৰতত ১৪ লাখ সংক্ৰমিত হ’ব বুলি কেন্দ্ৰীয় চৰকাৰৰ ক’ভিড টাস্ক ফ’ৰ্চৰ অধ্যক্ষ বি কে পালে আজি মন্তব্য কৰে।

বৃটেইনত ইতিমধ্যে অ’মিক্ৰণত আক্ৰান্ত লোকৰ সংখ্যা ১১,০০০ পাৰ হৈছে।

ভাৰতত মহাৰাষ্ট্ৰত আটাইতকৈ বেছি ৩২ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে দিল্লীত ২২, ৰাজস্থানত ২২ আৰু কৰ্ণাটক আৰু তেলেংগানাত ৮জন কৈ লোকৰ শৰীৰত অ’মিক্ৰণৰ উপস্থিতি ধৰা পৰিছে।

বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰে সকলোকে ক’ভিডৰ নীতি নিয়ম মানি চলিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক : প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply