নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ টাৱাঙত উৰিল দেশৰ ভিতৰতে দ্বিতীয় সুউচ্চ ত্ৰিৰংগা পতাকা।

ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নাগাংপা নাটমে উত্তোলন কৰিলে এই সুউচ্চ ত্ৰিৰংগাৰ।

১০৪ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰি এক নতুন অভিলেখ গঢ়ি তোলা হয়। ত্ৰিৰংগাখন টাৱাং চহৰত ১০,০০০ ফুট উচ্চতাত উত্তোলন কৰা হৈছে।

লগতে পঢ়কঃভাৰতে বৰ্জন কৰিলে আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অলিম্পিক

এই চহৰখন চীন সীমান্তৰ নিচেই ওচৰত আৰু বৌদ্ধসকলৰ এখন তীৰ্থচহৰ। এই পতাকাখন চহৰখনৰ যিকোনো প্ৰান্তৰ পৰাই দেখা যায়।

মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে টুইট যোগে কয়, “টাৱাঙৰ নাগাংপা নাটমে (বুদ্ধ উদ্যান)ত আজি উত্তোলন কৰা ১০৪ ফুট দৈৰ্ঘ্যৰ ৰাষ্ট্ৰীয় পতাকা অৰুণাচলবাসীৰ বাবে উৎসৰ্গা কৰি গৌৰৱান্বিত।”

মুখ্যমন্ত্ৰী গৰাকীয়ে এই অনুষ্ঠানৰ কেইবাখনো ফটো শ্বেয়াৰ কৰে। অনুষ্ঠানটোত মুখ্যমন্ত্ৰীৰ সৈতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

উল্লেখ্য যে, দেশৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰীয় পতাকাখন কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখৰ লেহত উত্তোলন কৰা হৈছিল যাৰ দৈৰ্ঘ্য ২২৫ ফুট আৰু প্ৰস্থ ১৫০ ফুট। পতাকাখনৰ ওজন ১০০০ কি.গ্ৰা.।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply