নিউজ ডেস্ক : লেটিন আমেৰিকান দেশ ইকুৱেডৰৰ এখন কাৰাগাৰত দুটা ফৈদৰ মাজত সংঘটিত ভয়ংকৰ ‘গেং ৱাৰ’ত ১১৬ জনকৈ কয়দীৰ মৃত্যু ঘটাৰ লগতে ৮০ জন কয়দী আহত হৈছে।
সংবাদ মাধ্যমত প্ৰকাশিত তথ্য মতে সংঘৰ্ষত নিহত কয়দীসকলৰ প্ৰায় ৫ জনক শিৰশ্ছেদ কৰি দিয়া হৈছে।
জানিব পৰা যোৱা মঙলবাৰে দেশখনৰ গুৱাৱাকুইল অঞ্চলত উক্ত সংঘৰ্ষৰ সূত্ৰপাত ঘটে। তেতিয়াৰ পৰা আজি পৰ্য্যন্ত সংঘৰ্ষ অব্যাহত আছে। মূলত কাৰাগাৰৰ ভিতৰত থকা দুই মূলতঃ ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ মাজত এই সংঘৰ্ষ লগা বুলি আৰক্ষীয়ে জানিবলৈ দিছে।
কাৰাগাৰ খনত থকা মেক্সিকোৰ ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ কাৰাবন্দীসকলৰ সৈতে ইকুৱেডৰৰ স্থানীয় ড্ৰাগছ ব্যৱসায়ী চক্ৰৰ কাৰাবন্দীৰ সংঘৰ্ষৰ ফলত মঙলবাৰেই নিহতৰ সংখ্যা ৪২ জন হৈছিল যদিও আজি সেই সংখ্যা ১১৬ জন হয়গৈ।
ঘটনাৰ খবৰ পোৱাৰ পিছতে দেশখনৰ চাৰি শতাধিক আৰক্ষীয়ে কাৰাগাৰখনত মোতায়েন কৰা হৈছে যদিও পৰিস্থিতি আজিও উত্তপ্ত হৈ আছে। প্ৰতিপক্ষই আক্ৰমণত গুলীচালনাৰ লগতে গ্ৰেনেড বিস্ফোৰণ চলোৱা বুলি সূত্ৰত প্ৰকাশ।
ৰাষ্ট্ৰপতি গুলিয়েৰ্মো লাছোয়ে দেশখনৰ সকলো কাৰাগাৰত জৰুৰীকালিন অৱস্থা ঘোষণা কৰি আৰক্ষী আৰু সেনা বাহিনীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।
নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি ধাৰণা কৰা হৈছে।
ইকুৱেডৰৰ কাৰাগাৰত বন্দী কৰি ৰখা ড্ৰাগছ ব্যৱসায়ীসকলৰ মাজত প্ৰায়ে এনে ধৰণৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈ আহিছে যদিও মঙলবাৰৰ পৰা আজিলৈকে চলি থকা সংঘৰ্ষই আটাইতকৈ ভয়াৱহ বুলি চিহ্নিত হৈছে।
লগতে পঢ়ক : মেঘালয়ত ভয়ংকৰ পথ দুর্ঘটনাত নিহত ৫ জন লোক