নিউজ ডেস্ক : নতুন বছৰৰ প্ৰথম দিনাই ভয়ংকৰ দুর্ঘটনা। নতুন বছৰৰ প্ৰথম দিনাই বৈষ্ণোদেৱী মন্দিৰত পদপিষ্ট হৈ ১২ জনৰ মৃত্যু। মাৰ আশীৰ্বাদ লবলৈ অগণন ভক্তই ভিৰ কৰিছিল মন্দিৰত।
নতুন বছৰৰ প্ৰথম দিনাই এক ভয়ংকৰ দুৰ্ঘটনাত ১২ জনকৈ লোক নিহত হোৱাৰ লগতে আহত হৈছে কেইবাজনো লোক। এই ভয়ংকৰ দুর্ঘটনা সংঘটিত হৈছে
জম্মু-কাশ্মীৰৰ বিখ্যাত বৈষ্ণোদেৱী মন্দিৰত।
নৱবৰ্ষৰ প্ৰথম দিনই মাৰ আশীৰ্বাদ লবলৈ অগণন ভক্তই ভিৰ কৰিছিল বৈষ্ণোদেৱী মন্দিৰত। ভিৰ নিয়ন্ত্ৰণহীন হৈ পৰাত পদপিষ্ট হৈ ১২ জনকৈ লোক নিহত হয়। পদপিষ্টৰ ঘটনাত কেইবাজনো লোক আহত হৈছে।
লগতে পঢ়ক : কংগ্ৰেছে নিলম্বন কৰিলে ৰহাৰ বিধায়ক শশীকান্ত দাসক
আহত লোক সকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বছৰৰ প্ৰথম দিনাই সংঘটিত হোৱা এই শোকাবহ ঘটনাই সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও ঘটনাত দুখ প্ৰকাশ কৰিছে।