নিউজ ডেস্ক : দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌৰ সংহাৰী ৰূপ। বৰ্তমানেও দেশত প্ৰতিদিনে বহু লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যাও বৃদ্ধি পাই আছে। দেশজুৰি ক’ভিড টীকাকাৰণ অব্যাহত থকাৰ মাজতে কেইবাখনো ৰাজ্যত নিয়ন্ত্ৰণহীন হৈ আছে ক’ভিড তাণ্ডৱ।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে শুকুৰবাৰৰ দিনটোত ২৪ ঘণ্টাৰ ভিতৰত দেশত ১ হাজাৰ ২০৬ জন ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰিছে। আনহাতে যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ৪২ হাজাৰ ৭৬৬ জন লোক। ইয়াৰ মাজতে যোৱা ২৪ ঘণ্টাত ক’ভিডক পৰাস্ত কৰি দেশত সুস্থ হৈ উঠিছে ৪৫ হাজাৰ ২৫৪ জন ক’ভিড ৰোগী।
লগতে পঢ়ক : প্ৰেমৰ চলনাৰে শিশুসহ মহিলাক অপহৰণ কৰা দুস্কৃতিকাৰী আটক
ইফালে দেশজুৰি ক’ভিড টীকাকাৰণ চলি থকাৰ মাজতে যোৱা ২৪ ঘণ্টাত দেশৰ পাঁচখনকৈ ৰাজ্যত নিয়ন্ত্ৰণহীন হৈ আছে ক’ভিড সংক্ৰমণ। কেৰেলা, মহাৰাষ্ট্ৰত, তামিলনাডু, অন্ধ্ৰ প্ৰদেশ আৰু উৰিষ্যাত যোৱা ২৪ ঘণ্টাত সৰ্বাধিক লোক ক’ভিডত আক্রান্ত হৈছে। আনহাতে মৃত্যুৰ মুখত পৰা ১২০৬ জন ক’ভিড ৰোগীৰ ভিতৰত ৭৩৮ জন মহাৰাষ্ট্ৰৰ।