নিউজ ডেস্কঃ ভাৰতত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। ক’ভিডে পুনৰ ভাবুকি কঢ়িয়াই আনিছে দেশবাসীলৈ। ২৪ ঘণ্টাত ভাৰতত ক’ভিডৰ সংক্ৰমণে ১০ হাজাৰৰ সীমা অতিক্ৰম কৰিলে। এদিনতে ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ১২,২১৩ জন। বুধবাৰৰ তুলনাত এই ভাইৰাছত আক্ৰান্তৰ হাৰ ৩৬.৪ শতাংশ বেছি। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘণ্টাত ক’ভিডত ১১ জন লোকৰ মৃত্যু হৈছে। আনহাতে দেশত এদিনতে সুস্থ হৈ উঠিছে ৭৬২৪ জন লোক। বৰ্তমান ভাৰতত ক’ভিডত আৰোগ্যৰ হাৰ হৈছে ৯৮.৭৫ শতাংশ।
মহাৰাষ্ট্ৰ, দিল্লী, তামিলনাডু, তেলেংগানা, পশ্চিমবংগ আৰু গুজৰাটত বৃদ্ধি পাইছে এই সংক্ৰমণ। বুধবাৰে মহাৰাষ্ট্ৰত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ৪০২৪জন, দিল্লীত ১৩৮৫ জন লোক। যোৱা কেইদিনমানৰ তুলনাত পশ্চিমবংগতো বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ। বুধবাৰৰ দিনটোত পশ্চিমবংগত ২৩০ জন লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে, তেলেংগানাত ২০৫জন আৰু গুজৰাটত নতুনকৈ আক্ৰান্ত হৈছে ১৮৪ জন লোক।