নিউজ ডেস্ক : দেশত মাৰাত্মক ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থকাৰ মাজতে ৰাজধানী দিল্লীৰ পৰা আহিছে ভাল খবৰ। দিল্লীত যোৱা ২৪ ঘণ্টাত নিম্নগামী হৈছে ক’ভিড সংক্ৰমণৰ হাৰ। যোৱা ২৪ ঘণ্টাত দিল্লীত সংক্ৰমণৰ হাৰ আছিল ১৭.৭৬। যোৱা ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১২,৪৮১ জন লোক। আনহাতে মৃত্যুৰ মুখত পৰিছে ৩৪৭ জন ক’ভিড ৰোগী।
সমগ্ৰ দেশতে ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰিছে। দেশৰ কেইবাখনো ৰাজ্যৰ পৰিস্থিতি অতিকৈ শোচনীয় হৈ পৰিছে ক’ভিডৰ ভয়াবহ সংক্ৰমণৰ ফলত। বিশেষকৈ দেশৰ ৰাজধানী দিল্লীৰ চিকিৎসালয় সমূহত ঠাইৰ অভাৱ হৈ পৰিছে ক’ভিড ৰোগীৰ চিকিৎসা বাবে। ইতিমধ্যে অক্সিজেনৰ নাটনিত দিল্লীত বহু ক’ভিড ৰোগী মৃত্যুক আঁকোৱালি ল’ব লগা হৈছে।
বিগত বহুদিন ধৰি অব্যাহত থকা দিল্লীৰ এই ভয়াবহ পৰিস্থিতিৰ মাজতে যোৱা ২৪ ঘণ্টাত দিল্লীৰ পৰা আহিছে এক ভাল খবৰ। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মঙলাবাৰৰ বিয়লিৰ ভাগৰ তথ্য মতে দিল্লীত যোৱা ২৪ ঘণ্টাত হ্ৰাস পাইছে ক’ভিড আক্রান্ত লোকৰ সংখ্যা। দিল্লীত যোৱা ২৪ ঘণ্টাত ১২,৪৮১ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তন মৃত্যুৰ মুখত পৰিছে ৩৪৭ জন ৰোগী।
লগতে পঢ়ক : উত্তৰ পূৱৰ এখন ৰাজ্যত ১৪ মে’ৰ পৰা এসপ্তাহৰ বাবে লকডাউন
বৰ্তমান দিল্লীত ৮৩,৮০৯ জন ক’ভিড ৰোগী চিকিৎসাধীন হৈ আছে। ইয়াৰে ৫১,৪৮০ জন ক’ভিড আক্রান্ত ৰোগী হোম আইছলেশ্যনত আছে। দিল্লীত বৰ্তমানলৈকে ১৩,৪৮,৬৯৯ জন লোক ক’ভিডত আক্রান্ত হৈছে। ইয়াৰে ১২,৪৪,৮৮০ জন লোক সুস্থ হৈ উঠিছে। দিল্লীত বৰ্তমানলৈকে ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰা ৰোগীৰ সংখ্যা হৈছে ২০,০১০ জন।