নিউজ ডেস্কঃ ছেপ্টেম্বৰ মাহত ভাৰতত প্ৰথম পৰ্যায়ত কলকাতাকে ধৰি ১৩ খন চহৰত দ্ৰুত গতিৰ 5জি ইণ্টাৰনেট সেৱা উপলব্ধ হ’ব। টেলিকম মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সেৱা প্ৰদানকাৰীসকলক স্পেকট্ৰাম আৱণ্টনৰ পিছত সাজু হ’বলৈ নিৰ্দেশ দিয়ে। টেলিকম বিভাগে জনোৱা মতে, প্ৰথম পৰ্যায়ত, ভাৰতৰ ১৩খন চহৰত দ্ৰুত গতিৰ 5জি ইণ্টাৰনেট সেৱা উপলব্ধ হ’ব। ১৫ আগষ্টত স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে শীঘ্ৰেই দেশত ৫জি সেৱা আৰম্ভ কৰা হ’ব, যি এতিয়াৰ তুলনাত ১০ গুণ দ্ৰুত হ’ব।
প্ৰথম পৰ্যায়ত, কলকাতা, আহমেদাবাদ, বেংগালুৰু, চণ্ডিগড়, চেন্নাই, দিল্লী, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, লক্ষ্ণৌ, মুম্বাই আৰু পুনেত 5জি সেৱা উপলব্ধ হ’ব। DoTয়ে ইতিমধ্যে নিলামৰ জৰিয়তে স্পেকট্ৰাম আৱণ্টন কৰিছে। DoTয়ে টেলিকম সেৱা প্ৰদানকাৰী (telecom service providers) – ভাৰতী এয়াৰটেল, ৰিলায়েন্স জিঅ’, আদানি ডাটা নেটৱৰ্ক, আৰু ভোডাফোন আইডিয়াৰ পৰা শেহতীয়া নিলামৰ জৰিয়তে লাভ কৰা স্পেকট্ৰামৰ প্ৰায় ১৭,৮৭৬ কোটি টকা পৰিশোধ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ আগষ্টত 5G সেৱা মুকলি কৰাৰ কথা আছিল। কিন্তু টেলিকম সেৱা প্ৰদানকাৰীসকল সাজু নাছিল। ফলস্বৰূপে, ২৯ ছেপ্টেম্বৰলৈ স্থগিত ৰখা হৈছিল।