নিউজ ডেস্কঃ ৰামনৱমীৰ দিনা ইন্দোৰত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত এটা দ’ কোৱাৰ চাল খহি পৰাৰ ফলত কমেও ১৩ জন (বাতৰিটো প্ৰচাৰ হোৱা সময় লৈকে) লোকৰ মৃত্যু হৈছে। কুৱা টোৰ ওপৰত থকা চালখনত বহি ৰামনৱমীৰ উপলক্ষে পূজা কৰি আছিল । পূজা কৰি থকাৰ সময়তেই প্ৰায় ৩০ জনৰো অধিক লোক গভীৰ কুৱাটোৰ ভিতৰত পৰিছিল।
মধ্যপ্ৰদেশৰ গৃহ মন্ত্ৰী নৰোত্তম মিশ্ৰাই জনোৱা অনুসৰি, বৰ্তমান লৈকে মৃত্যুৰ সংখ্যা ১৩ জন। কুৱাটোৰ পৰা ১১ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে আনহাতে আৰক্ষীয়ে ৰছীৰ সহায়ত ১৯ জন লোকক জীৱন্তে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰে যদিও তাৰে দুজন বেছিকৈ আঘাতপ্ৰাপ্ত হোৱাৰ বাবে মৃত্যু হয়।
৪০ ফুট গভীৰ কুৱাটোত কমেও চাৰিৰ পৰা পাঁচ ফুট পানী আছে বুলি স্থানীয় লোকৰ পৰা জানিব পৰা গৈছে। যাৰ বাবে পৌৰ নিগমে তিনিটা পাম্পৰৰ সহায়ত কুৱাটোৰ পৰা পানী উলিয়াই আছে। বৰ্তমান আৰক্ষী আৰু উদ্ধাৰকাৰী দলে উদ্ধাৰ অভিযান স্থগিত ৰাখিছে। পানী সম্পূৰ্ণ আতৰোঁৱাৰ পিছতেই পুনৰ উদ্ধাৰ অভিযান আৰম্ভ কৰা হ’ব।
স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি মন্দিৰ দৰ্শন কৰিবলৈ অহা এটা শিশু এতিয়াও সন্ধানহীন হৈ আছে।
মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মৃতকৰ আত্মীয়সকলক ৫ লাখ টকা আৰু আহতসকলক ৫০,০০০ টকাৰ ক্ষতি পূৰণ ঘোষণা কৰিছে। তেওঁ কৈছিল যে চৰকাৰে আহতসকলক চিকিৎসা প্ৰদান কৰিব।
চহৰখনৰ উপায়ুক্তই ঘটনাটোৰ সন্দৰ্ভত দণ্ডাধীশ তদন্ত কৰাৰ বাবে ঘোষণা কৰিছে।
উল্লেখযোগ্য যে, ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰটো প্ৰায় ৬০ বছৰ পুৰণি।
লগতে পঢ়ক – ম্যানমাৰৰ সামৰিক চৰকাৰে ভংগ কৰিলে ৪০ টাকৈ ৰাজনৈতিক দল