নিউজ ডেস্ক: থাইলেণ্ডৰ এটা নৈশ ক্লাবত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত কমেও ১৩ জনকৈ লোক নিহত হোৱাৰ লগতে ৪০ জনতকৈ অধিক লোক আহত হৈছে।
জানিব পৰা মতে শুকুৰবাৰে পুৱা প্ৰায় ১ বজাত থাইলেণ্ডৰ ৰাজধানী বেংককৰ পৰা ১৫০ কিঃ মিঃ দক্ষিণত অৱস্থিত চোনবুৰি প্ৰদেশত থকা এটা নৈশ ক্লাবত উক্ত অগ্নিকাণ্ডটো সংঘটিত হয়।
নিহতসকলৰ ভিতৰত ৪ গৰাকী মহিলা আৰু ৯ জন পুৰুষ আছে বুলি জানিব পৰা গৈছে। নিহত আটাইকেই গৰাকী লোক থাই নাগৰিক বুলি দেশখনৰ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।
অগ্নি নিৰ্বাপক বাহিনীয়ে তিনি ঘণ্টাতকৈ অধিক সময় ধৰি অভিযান চলাই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।
লগতে পঢ়ক – Toronto চলচ্চিত্ৰ মহোৎসৱত world premiere-ৰ বাবে নিৰ্বাচিত ৰীমা দাসৰ Tora’s Husband