শুকুৰবাৰে মহাৰাষ্ট্ৰৰ গাডচিৰলি জিলাত নিৰাপত্তা বাহিনীৰ সৈতে এক সংঘৰ্ষত ১৩ জনকৈ নক্সাল বিদ্ৰোহীৰ মৃত্যু হয়।
মহাৰাষ্ট্ৰ চৰকাৰৰ মতে, গাডচিৰলি জিলাৰ ইটাপাল্লী নামৰ অঞ্চলটোৰ গভীৰ অৰণ্যত গাডচিৰলি আৰক্ষীৰ চি-৬০ স্কোৱাডৰ সৈতে কাছানচুৰ ডালাম গোটৰ নক্সাল বিদ্ৰোহীৰ সংঘৰ্ষ হৈছিল।
নিহত নক্সাল বিদ্ৰোহী সকলৰ ভিতৰত ৬ গৰাকী পুৰুষ আৰু ৭ গৰাকী মহিলা বিদ্ৰোহী আছে বুলি ৰাজ্যখনৰ গৃহ মন্ত্ৰী দীলিপ ৱালচে পাটিলে সদৰী কৰে।
চৰকাৰী সূত্ৰৰ মতে মুম্বাইৰ পৰা প্ৰায় ৯০০ কিলোমিটাৰ নিলগত অৱস্থিত ইটাপাল্লীৰ অৰণ্যত নক্সাল বিদ্ৰোহীৰ এটা দলে আশ্ৰয় গ্ৰহণ কৰাৰ খবৰ পোৱাৰ পিছতে চি-৬০ কমাণ্ডো বাহিনীয়ে অৰণ্যৰ মাজত অভিযান চলায়।
লগতে পঢ়ক : চিপকো আন্দোলনৰ ভেটি নিৰ্মাতা প্ৰসিদ্ধ পৰিৱেশকৰ্মী সুন্দেৰলাল বহুগুনাৰ ক’ভিডত মৃত্যু
গাডচিৰলি জিলাৰ আৰক্ষী অধীক্ষক অংকিত গোৱেলে The Hindu-ৰ আগত প্ৰকাশ কৰা মতে নক্সালৰ দলটোৱে হাবিৰ মাজত এখন বৈঠক অনুষ্ঠিত কৰাৰ খবৰ লাভ কৰি আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা উক্ত ঠাইখিনিত উপস্থিত হয়।
নক্সালে তেওঁলোকক আক্ৰমণ কৰাত আৰক্ষীয়ে চলোৱা ‘প্ৰত্যুত্তৰত’ ১৩ গৰাকী নক্সালৰ মৃত্যু হয় বুলি তেওঁ লগতে জনায়।
ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বহুকেইটা এ কে-৪৭ ৰাইফল, এছ এল আৰ বন্ধুক, কাৰ্বাইন, .৩০৩ৰ লগতে বহু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰে বুলি চৰকাৰী সূত্ৰটোৱে প্ৰকাশ কৰে।