নিউজ ডেস্কঃ আমেৰিকাত হিংসাত্মক ঘটনাৰ হাৰ বৃদ্ধি পাই গৈ আছে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ফিলাডেল্ফিয়াৰ পথত শনিবাৰে গুলীবৰ্ষণৰ ঘটনা সংঘটিত হয়। আৰু এই গুলীবৰ্ষণত তিনি জনকৈ লোক নিহত হৈছে বুলি জানিব পৰা গৈছে।
ইফালে, এই গুলীবৰ্ষণত ১১জনকৈ লোক আহত হৈছে। আহত লোক কেইজনক ইতিমধ্যে হাস্পতালত ভৰ্তি কৰা হৈছে। ফিলাডেল্ফিয়া আৰক্ষীৰ এগৰাকী বিষয়াই এই সন্দৰ্ভত কয় যে- আমি খবৰ লাভ কৰিছিলো যে, ১৪জন লোকৰ ওপৰত গুলীচালনা কৰা হৈছে।
লগতে তেওঁ জনাই যে- গুলীবৰ্ষণত আহত লোক কেইজনক হাস্পতাললৈ নিয়া হৈছিল যদিও, ইয়াৰে দুগৰাকী পুৰুষ আৰু এগৰাকী মহিলাৰ মৃত্যু হয়। আনহাতে, আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে যদিও, অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।