নিউজ ডেস্ক : ভাৰতত দ্ৰুত গতিত বিয়পিছে ক’ভিডৰ নতুন ভেৰিয়েন্ট অ’মিক্রন। ভাৰতৰ ২৩ খন ৰাজ্যত ১৪৩১ জন লোক অ’মিক্রনত আক্রান্ত হৈছে। মহাৰাষ্ট্ৰ আৰু দেশৰ ৰাজধানী আছে প্ৰথম আৰু দ্বিতীয় স্থানত।
ক’ভিডৰ নতুন ভৰিয়েন্ট অ’মিক্রন অতি ক্ষিপ্ৰতাৰে বিয়পিবলৈ ধৰিছে। বৰ্তমানলৈকে ভাৰতৰ ২৩ খনকৈ ৰাজ্যলৈ বিয়পিছে কভিডৰ এই নতুন ভেৰিয়েন্ট। ২৩ খন ৰাজ্যত ১৪৩১ জন লোক আক্রান্ত হৈ আছে অ’মিক্রনত।
অ’মিক্রনত আক্রান্ত লোকৰ সংখ্যা সৰ্বাধিক মহাৰাষ্ট্ৰত আৰু দ্বিতীয় স্থানত আছে দেশৰ ৰাজধানী দিল্লী। মহাৰাষ্ট্ৰত ৪৫৪ জন লোক আক্রান্ত হোৱাৰ বিপৰীতে দিল্লীত আক্রান্ত হৈছে ৩৫১ জন লোক। তৃতীয় স্থানত আছে তামিলনাডু।
লগতে পঢ়ক : কৃষি মন্ত্ৰীৰ গৃহসমষ্টিত পুতৌ লগা মৎস উৎপাদন; চৰকাৰী সদিচ্ছাৰ অভাৱত পৰিত্যক্ত হাজাৰ হাজাৰ বিঘাৰ জলাহ ভূমি
তামিলনাডুত ১১৮ জন, গুজৰাটত ১১৫ জন, কেৰেলাত ১০৯ জন, ৰাজস্থানত ৬৯ জন, তেলেংগানত ৬২ জন, হাৰিয়ানাত ৩৭ জন, কৰ্ণাটকত ৩৪ জন লোক অ’মিক্রনত আক্রান্ত হৈছে। উত্তৰ পূৱৰ মণিপুৰত আক্রান্ত হৈ আছে ১ জন লোক।