নিউজ ডেস্ক: পাকিস্তানত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত ১৫জনকৈ লোকে প্ৰাণ হেৰোৱাব লগা হয়। দক্ষিণ পাকিস্তানত এখন ট্ৰাক আৰু যাত্ৰীবাহী ভানৰ মাজত মুখামুখি সংঘৰ্ষত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন কেইবাজনো আহত হয়।
বিভাগীয় সূত্ৰই জনোৱা মতে এটা নিৰ্মিয়মান ঘাইপথৰ ওপৰত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।
জানিব পৰা মতে এটা কয়লাখনিৰ পৰা আহি থকা এখন কয়লাভৰ্তি ট্ৰাকে পথটোৰ এটা টাৰ্নিঙত কাৰাচিৰ দিশে গৈ থকা যাত্ৰীবাহী ভানখনত খুন্দা মাৰে।
পথ দুৰ্ঘটনাটোত নিহত যাত্ৰীসকলৰ অধিকসংখ্যকে ছোলাংগি আৰু কালহৰো জনগোষ্ঠীৰ লোক বুলি জানিব পৰা গৈছে আৰু তেওঁলোকে কাৰাচিৰ এটা নিমখৰ ফেক্টৰিত কাম কৰিছিল।
লগতে পঢ়ক – ৰাজ্যত ঘোষণা হ’ল অসম আৰক্ষীৰ ৬৬৬২ টা কনিষ্টবল পদৰ ফলাফল