নিউজ ডেস্ক: ঝাৰখণ্ডৰ এখন আদালতে ১৫ জন লোকৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ৰায়দান কৰিছে। ২০১৯ চনত ৰাজ্যখনৰ জমছেদপুৰস্থিত ঘাঘীদীহ (Ghaghidih) কেন্দ্ৰীয় কাৰাগাৰত সংঘটিত এক হত্যাকাণ্ডৰ গোচৰত এই লোককেইজনৰ বিৰুদ্ধে আদালতে মৃত্যুদণ্ডৰ ৰায়দান কৰিছে।
২০১৯ চনৰ ২৫ জুনত কেন্দ্ৰীয় কাৰাগাৰখনত দুটা গোটৰ মাজত সংঘটিত এক মাৰপিটৰ ঘটনাত দুজন কয়দী গুৰুতৰভাৱে আহত হৈছিল। ইয়াৰে মনোজ কুমাৰ সিং নামৰ কয়দীজনৰ চিকিৎসালয়লৈ নি থকা অৱস্থাতে মৃত্যু ঘটিছিল।
আজি আদালতে উক্ত ঘটনাৰ সৈতে জড়িত একেখন কাৰাগাৰৰ ১৫ জন কয়দীক ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২ আৰু ১২০ বি-ৰ অধীনত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।
তেওঁলোকৰ উপৰি আদালতে আন ৭জন অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০৭ৰ অধীনত ১০ বছৰৰ কাৰাদণ্ড বিহে।
লগতে পঢ়ক – বোকাখাতত যাত্ৰীবাহী বাছৰ পৰা ড্ৰাগছসহ যুৱক আটক