গুৱাহাটী : আজি আৰু কাইলৈ বন্ধ থাকিব বেংক। দেশজুৰি ১৬ আৰু ১৭ ডিচেম্বৰত বেংক বন্ধ। ৰাজহুৱা খণ্ডৰ বেংক সমূহে দুদিনৰ বাবে বেংক বন্ধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। দেশজুৰি প্ৰায় ১০ লাখ বেংক কৰ্মচাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে।

ৰাজহুৱা খণ্ডৰ বেংক সমূহক ব্যক্তিগত কৰণ কৰাৰ বিৰোধিতাৰে দেশজুৰি এই প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাজহুৱা খণ্ডৰ বেংক কৰ্মচাৰী সকলে। উল্লেখ্য যে কিছুদিন পূৰ্বে ৰাষ্ট্রীয় কৃত বেংক ব্যক্তিগত কৰণৰ বিৰিধিতাৰে ইউনাইটেড ফাৰাম অফ বেংক ইউনীয়নৰ উদ্যোগত মহানগৰী চচলস্থিত ধৰ্ণা স্থলীত এক প্ৰতিবাদ সাব্যস্ত কৰা হৈছিলে।

লগতে পঢ়ক  : অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন সম্পাদক গ্ৰেপ্তাৰ

প্ৰতিবাদী সকলে হাতে হাতে ফ্লেগ, বেনাৰ আদি লৈ বেংক বচাও দেশ বচাও, বেংক আইন বিধেয়ক বাতিল কৰক, বেংক ব্যক্তিগত কৰণ বন্ধ কৰক, দেশৰ অৰ্থনীতি সবল কৰক, বেংক ৰক্ষা কৰক, শীত কালীন অধিবেশনত বেংক আইন বিধেয়ক বাতিল কৰক আদি শ্ল’গানেৰে ধৰ্ণাস্থলী উত্তাল কৰি তুলিছিল। প্ৰতিবাদকাৰী বেংক কৰ্মচাৰী সকলে ১৬ আৰু ১৭ ডিচম্বৰৰ বেংক ধর্মঘট কাৰ্যসূচীত দেশবাসীক সহযোগ কৰিবলৈও আহ্বান জনাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply