নিউজ ডেস্ক: উত্তৰ-পশ্চিম চীনৰ কিংঘাই (Qinghai) প্ৰদেশত বৃহস্পতিবাৰে হঠাৎ অহা বানত (flash flood) কমেও ১৬ জন লোক নিহত হোৱাৰ লগতে আন ৩৬ জন লোক সন্ধানহীন হৈ আছে।
দেশখনৰ চৰকাৰী সংবাদ প্ৰতিষ্ঠান Xinhua news –এ স্থানীয় প্ৰশাসনৰ সূত্ৰই উদ্ধৃতি দি কয় যে Datong Hui আৰু Tu Autonomous County বানৰ কবলত পৰিছে।
প্ৰশাসনে জনোৱা মতে তেওঁলোকে পুৱা প্ৰায় ৭ বজাত জিনিং (Xining) চহৰৰ পৰা দুৰ্যোগৰ খবৰ লাভ কৰাৰ পিছতে ক্ষিপ্ৰ গতিত উদ্ধাৰ অভিযান আৰম্ভ কৰে।
লগতে পঢ়ক – ইৰাণ আৰু UAE লৈ প্ৰেৰণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক