নিউজ ডেস্ক : বিয়া কৰোৱাৰ প্ৰতিশ্ৰুতিৰে এগৰাকী ১৬ বছৰীয়া কিশোৰীক ফে’চবুকৰ জৰিয়তে বন্ধুত্ব স্থাপন কৰা এজন যুৱকে ধৰ্ষণ চলোৱাৰ অভিযোগ উঠিছে। এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ বালিয়া জিলাত।

বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা মতে ডকাতি আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলটোৰ ভুক্তভোগী কিশোৰী গৰাকীয়ে ফে’চবুকত হাৰদৈ জিলাৰ এজন ৩১ বছৰীয়া যুৱকৰ সৈতে বন্ধুত্ব স্থাপন কৰিছিল।

যোৱা ২৫ আগষ্টত কিশোৰী গৰাকীয়ে যুৱকজনক লগ ধৰিবলৈ হাৰদৈলৈ গৈছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

পিছত কিশোৰী গৰাকী ঘৰলৈ ওভতি নহাত কিশোৰী গৰাকীৰ মাকৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰে। বৃহস্পতিবাৰে আৰক্ষীয়ে কিশোৰী গৰাকীৰ সৈতে অভিযুক্ত যুৱকজনক বইৰিয়া বাছ আস্থানৰ পৰা আটক কৰে বুলি আৰক্ষীয়ে জনায়।

পিছত কিশোৰী গৰাকীয়ে দিয়া ভাষ্যৰ ভিত্তিত অভিযুক্ত যুৱকজনৰ বিৰুদ্ধে POCSOআইনৰ অধীনত ধৰ্ষণৰ গোচৰ ৰুজু কৰা হয়।

লগতে পঢ়ক : ৰাণী নৰহৰ চাহ বাগিচাত মহিলা শ্রমিকৰ উত্তাল প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply