Photo credit-NDTV

নিউজ ডেস্কঃ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত পৰি থকা নেৰা-নেপেৰা বৰষুণৰ ফলত হোৱা ভূমিস্খলনত কমেও ১৭ জন লোকৰ মৃত্যু হৈছে। যোৱা কেইবাদিনো ধৰি নেপালৰ বিভিন্ন ঠাইত ধাৰাসাৰ বৰষুণ হৈছে। বৰষুণৰ ফলত সুদুৰপাচিম প্ৰদেশৰ আচ্ছাম জিলাৰ বিভিন্ন স্থানত ভূমিস্খলন সংঘটিত হৈছে। কাৰ্যকৰী মুখ্য জিলা দণ্ডাধীশ দীপেশ ৰিজালে কয় যে জিলাখনত ভূমিস্খলনৰ ফলত ১৭ জন লোকৰ মৃত্যু হৈছে। ভূমিস্খলনত আন ১১ জন লোক আহত হৈছে। তেওঁলোকক চিকিৎসাৰ বাবে সুৰখেত জিলালৈ বিমানেৰে লৈ যোৱা হৈছে। আনহাতে ভূমিস্খলনৰ ফলত তিনিজন লোক সন্ধানহীন হৈ আছে।

উদ্ধাৰ অভিযানৰ বাবে নেপালৰ আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। সন্ধানহীনসকলৰ বাবে অনুসন্ধান চলাই থকা হৈছে। অৱশ্যে নিহতৰ সংখ্যা আৰু বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে, সুদুৰপাচিম প্ৰদেশৰ সাতখন জিলাক সংযোগ কৰা ভীমদত্ত ঘাইপথটোও ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পিছতেই আচ্ছাম জিলাৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। সাধাৰণতে, জুনৰ পৰা ছেপ্টেম্বৰৰ ভিতৰত নেপালৰ পাহাৰীয়া অঞ্চলটোত বানপানী আৰু ভূমিস্খলন হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply