নিউজ ডেস্ক : মেঘালয়ত যোৱা ২৪ ঘণ্টাত নতুনকৈ কভিডত আক্রান্ত হ’ল ১৮০ জন লোক। মেঘালয়ত বৰ্তমান আছে ১,১৩২ জন কভিড আক্রান্ত লোক। ইষ্ট খাচী হিলছত আক্রান্ত হৈছে সর্বসাধিক লোক।
দেশত অব্যাহত আছে কভিড মহামাৰীৰ তাণ্ডৱ। প্ৰতিদিনে দেশত ভয়াবহভাৱে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকৰ সংখ্যা। ইতিমধ্যে ভাৰতে এদিনত সর্বসাধিক কভিড আক্রান্তৰ দিশত বিশ্ব অভিলেখ গঢ়িছে। আমেৰিকাক পিছ পেলাই ভাৰতত এদিনত আক্রান্ত হৈছে ৩,১৪,৮৩৫ জন লোক।
দেশৰ অন্যান্য ৰাজ্যৰ লগতে মেঘালয়তো উদ্বেগজনকভাৱে বৃদ্ধি পাইছে কভিড আক্রান্ত লোকে সংখ্যা। যোৱা ২৪ ঘণ্টাত মেঘালয়ত নতুনকৈ কভিডত আক্রান্ত হৈছে ১৮০ জন লোক। মেঘালয়ত বৰ্তমান ১,১৩২ জন লোক কভিডত আক্রান্ত হৈ আছে।
ৰাজ্যখনৰ ১,১৩২ জন কভিড আক্রান্ত লোকৰ ভিতৰতইষ্ট খাচী হিলছ জিলাত আছে সর্বসাধিক ৮১০ জন লোক, ১৩৪ জন আছে ৱেষ্ট জয়ন্তীয়া হিলছত, ৯৭ জন আছে ৰি-ভয় জিলাত, ২৮ জন আছে ৱেষ্ট খাচী হিলছত, ৩২ জন আছে ইষ্ট জয়ন্তীয়া হিলছত, ১৮ জন আছে ৱেষ্ট গাৰো হিলছত, ১০ জন আছে দক্ষিণ পূব খাচী হিলছত আৰু এজন এজনকৈ আছে ইষ্ট গাৰো হিলছ, নৰ্থ গাৰো হিলছ আৰু দক্ষিণ গাৰো হিলছ জিলাত।