নিউজ ডেস্ক : কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে দেশত নতুন ৰেকৰ্ড গঢ়িছে। কভিড আক্রান্ত আৰু মৃত্যুৰ সংখ্যাত কভিডে ভাৰতত নতুন ৰেকৰ্ড গঢ়িছে। যোৱা ২৪ ঘণ্টাত দেশত ২ লাখ ৯৬ হাজাৰ লোক কভিডত আক্রান্ত হোৱাৰ পৰিবৰ্তে মৃতকৰ সংখ্যাই স্পৰ্শ কৰিছে ২০২৩ ৰ ঘৰ। পৰিস্থিতি অধিক বেয়াৰ ফালে গতি কৰিলে এদিনত ৫ লাখ লোক আক্রান্ত হোৱাৰ সম্ভাৱনা আছে।
দেশৰ স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ২ লাখ ৯৫ হাজাৰ ৪১ গৰাকী লোক নতুনকৈ কভিডত আক্রান্ত হৈছে। কভিডত আক্রান্ত হৈ যোৱা ২৪ ঘন্টাত মৃত্যুৰ মুখত পৰিছে ২ হাজাৰ ২৩ গৰাকী লোক। দেশত বৰ্তমান কভিড আক্রান্ত মুঠ লোকৰ সংখ্যা হৈছে ১,৫৬,১৬,১৩০, ইয়াৰে ১,৮২,৫৫৩ গৰাকী লোকৰ মৃত্যু হৈছে। দেশত বৰ্তমান ২১,৫৭,৫৩৮ গৰাকী কভিড আক্রান্ত লোক চিকিৎসাধীন হৈ থকাৰ পৰিবৰ্তে সুস্থ হৈ উঠিছে ১,৩২,৭৬,০৩৯ গৰাকী লোক।
যোৱা ২৪ ঘণ্টাত কভিডত আক্রান্ত হোৱা লোক সকলৰ ভিতৰত সৰ্বাধিক হৈছে মহাৰাষ্ট্ৰৰ পৰা। মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত কভিডত আক্রান্ত হৈছে ৬২ হাজাৰ ৯৭ গৰাকী লোক। মহাৰাষ্ট্ৰত মৃত্যু ঘটিছে ৫১৯ গৰাকী কভিড ৰোগীৰ। মহাৰাষ্ট্ৰৰ পিছতে আছে দেশত ৰাজধানী দিল্লী। বৰ্তমান লকডাউন চলি থকা দিল্লীত যোৱা ২৪ ঘণ্টাত কভিড আক্রান্তৰ সংখ্যা হৈছে ২৮,৩৯৫। দিল্লীত যোৱা ২৪ ঘণ্টাত কভিড আক্রান্ত হৈ মৃত্যু হৈছে ২৭৭ গৰাকী লোকৰ।
মহাৰাষ্ট্ৰ আৰু দিল্লীৰ লগতে কভিড মহামাৰীৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰা ৰাজ্য কেইখন হৈছে উত্তৰ প্ৰদেশ আৰু গুজৰাট। উত্তৰ প্ৰদেশত যোৱা ২৪ ঘণ্টাত ২৯,৭৫৪ গৰাকী লোক কভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যু ঘটিছে ১৬৩ গৰাকী লোকৰ। গুজৰাটতো সকলো ৰেকৰ্ড ভংগৰ দিশে অগ্ৰসৰ হৈ কভিড মহামাৰীয়ে যোৱা ২৪ ঘণ্টাত ১২,২০৬ গৰাকী লোকক আক্রান্ত কৰাৰ লগতে মৃত্যুৰ মুখত ঠেলি দিছে ১২১ গৰাকী লোকক।