নিউজ ডেস্ক: শুকুৰবাৰে দিল্লীৰ কনট প্লেচ আৰক্ষী থানাত বিজেপিৰ সাংসদ তথা ৰেছলিং ফেডাৰেচন অৱ ইণ্ডিয়াৰ (ডব্লিউএফআই) সভাপতি ব্ৰজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে দুখনকৈ এজাহাৰ পঞ্জীয়ন কৰা হয়। দিল্লী আৰক্ষীয়ে ব্ৰিজ ভূষণৰ বিৰুদ্ধে এগৰাকী নাবালক মল্লযোদ্ধাক যৌন নিৰ্যাতন কৰাৰ অভিযোগত শিশুৰ সুৰক্ষা আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। একে সময়তে, আন ৬ গৰাকী মহিলা মল্লযোদ্ধাৰ যৌন নিৰ্যাতনৰ অভিযোগত দ্বিতীয়টো এজাহাৰ পঞ্জীয়ন কৰা হয়।

২১ এপ্ৰিলত, এগৰাকী নাবালকসহ সাতগৰাকী মহিলা মল্লযোদ্ধাই ব্ৰিজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰিছিল কিন্তু সেই সময়ত দিল্লী আৰক্ষীয়ে গোচৰটো পঞ্জীয়ন কৰা নাছিল। যাৰ বাবে মল্লযোদ্ধাসকলে পৰৱৰ্তী পৰ্যায়ত উচ্চতম ন্যায়ালয়ত দৰাস্থ হয়।

শুনানিৰ সময়ত, মল্লযোদ্ধাসকলৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা কপিল চিব্বলে আদালতক কয় যে, মহিলা মল্লযোদ্ধাসকলক সুৰক্ষা প্ৰদান কৰাৰ লগতে এজন অৱসৰপ্ৰাপ্ত ন্যায়াধীশে গোচৰটো নিৰীক্ষণ কৰিব লাগে। চিব্বলৰ এই যুক্তিৰ ওপৰত আদালতে দিল্লী আৰক্ষীক মল্লযোদ্ধাসকলক নিৰাপত্তা প্ৰদান কৰিবলৈ নিৰ্দেশ দিয়ে।

লগতে, আদালতে আৰক্ষীক অহা শুক্ৰবাৰৰ ভিতৰত এখন শপতনামা দাখিল কৰিবলৈ কয়। গোচৰটোৰ পৰৱৰ্তী শুনানি ১৭ মে’ত কৰা হ’ব।

ইফালে, ডব্লিউএফআইৰ সভাপতি ব্ৰিজ ভূষণ শৰণ সিঙে শুকুৰবাৰে সন্ধিয়া এএনআইৰ সংবাদ সংস্থা সৈতে হোৱা বাৰ্তালাপত কয় যে, ন্যায়পালিকাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে। মই পলাই যোৱা নাই, মই মোৰ ঘৰতে আছো। মই দিল্লী আৰক্ষীৰ সৈতে সহযোগিতা কৰিম। উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত যিয়েই নহওঁক, মই ইয়াক পালন কৰিম।

ইয়াৰোপৰি ব্ৰিজ ভূষণে কয়, যদি প্ৰতিবাদকাৰী মল্লযোদ্ধা সকলে মোৰ পদত্যাগেৰে মান্তি হয় তেনেহ’লে সেইয়াও মই কৰি দিম। কিন্তু এজন অপৰাধী হিচাপে নহয়।

লগতে পঢ়ক – দেশত ‘এফএম’-ৰ সংযোগ বৃদ্ধিৰ বাবে ৯১ টা নতুন ‘১০০ ৱাট এফএম ট্ৰেন্সমিটাৰ’ উদ্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply