নিউজ ডেস্কঃ মিজোৰামৰ আইজালত অঘটন। টুইৰিভাং নদীত গা-ধুবলৈ গৈ নদীত ডুবি মৃত্যু হয় দুজন চিকিৎসা বিজ্ঞানৰ ছাত্ৰৰ।
নিহত ছাত্ৰ দুজন চি লালবিয়াকনুঙ্গা (২১) আৰু পিচি লালৰেমলিয়ানা (২১) বুলি জানিব পৰা গৈছে।
বুধবাৰে আইজালৰ কুলিকাৱন আৰক্ষী থানা অন্তৰ্গত টুইৰিভাং নদীত বন্ধুৰ সৈতে গা ধুবলৈ যাওঁতে সংঘটিত হয় এই অঘটন।
ঘটনা সংঘটিত হোৱাৰ খবৰ পাইয়েই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ অভিযান চলায়।
সন্ধিয়া আৰক্ষীয়ে দুয়োজন শিক্ষাৰ্থীৰে মৃতদেহ উদ্ধাৰ কৰে।
মৃত লালবিয়াকনুঙ্গা আইজালৰ চম্ফাই ভেংথলাঙৰ বাসিন্দা আছিল আৰু লালৰেমলিয়ানা নামৰ যুৱকজন আইজলৰ দিনথাৰ এলেকাৰ বাসিন্দা আছিল।
দুয়োজনে ৰাজ্যখনৰ একমাত্ৰ চিকিৎসা মহাবিদ্যালয় জোৰাম মেডিকেল কলেজত এমবিবিএছ পঢ়ি আছিল।