নিউজ ডেস্কঃ জম্মু-কাশ্মীৰৰ পুলৱামা জিলাত এঘণ্টাধৰি চলি থকা সংঘৰ্ষৰ পিছত নিৰাপত্তাৰক্ষীয়ে দুজন সন্ত্ৰাসবাদীক হত্যা কৰে।

পুলৱামাত যোৱা ২৪ ঘণ্টা ধৰি জম্মু-কাশ্মীৰ আৰক্ষী, চিআৰপিএফ আৰু ভাৰতীয় সেনা বাহিনীৰ এটা অভিযানকাৰী দলে নামিবিয়ান আৰু মাৰচাৰ বনাঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাই আছিল। আৰক্ষীয়ে জনোৱা অনুসৰি, সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰি অঞ্চলটো ঘেৰাও কৰাৰ পিছত এনকাউণ্টাৰ আৰম্ভ হৈছিল।

লগতে পঢ়কঃটকিঅ’ অলিম্পিকত হকীত বন্দনা কাতাৰিয়াৰ অভিলেখ

অভিযানকাৰী নিৰাপত্তাৰক্ষীবাহিনীৰ দলটোক দেখাৰ লগতে লগে উক্ত স্থানত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীৰ দলটোৱে গুলীচালনা আৰম্ভ কৰে।

অৱশেষত দুয়ো পক্ষৰ গুলীবৰ্ষণৰ বিনিময়ত দুজন উগ্ৰপন্থী নিহত হোৱাৰ কথা জম্মু-কাশ্মীৰ আৰক্ষীয়ে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply