নিউজ ডেস্কঃ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী জম্মু-কাশ্মীৰত উপস্থিত হ’ব। মোডীৰ ভ্ৰমণৰ পূৰ্বে জম্মুৰ সেনা শিবিৰৰ সমীপত উগ্ৰপন্থীৰ আক্ৰমণ। নিৰাপত্তাৰক্ষী-উগ্ৰপন্থীৰ সংঘৰ্ষত নিহত দুজন উগ্ৰপন্থীসহ এজন চিআইএছএফ জোৱান, আহত হয় চাৰিজন জোৱান।
সেনাৰ তথ্য অনুসৰি উগ্ৰপন্থীয়ে জম্মুত ভয়ংকৰ কূটাঘাট সংঘটিত কৰাৰ পৰিকল্পনা কৰি আছিল। চুনজবা অঞ্চলত দুজন উগ্ৰপন্থী লুকাই থকাৰ তথ্য লাভ কৰি চুনজবা এলেকাত অভিযান চলায়। উগ্ৰপন্থী কেইজনে নিৰাপত্তা বাহিনীক লক্ষ্য কৰি গুলীবৰ্ষণ আৰম্ভ কৰে। উগ্ৰপন্থীৰ গুলীচালনাত চিআইএছএফৰ এজন সহকাৰী উপ পৰিদৰ্শক নিহত হয়। আক্ৰমণটোত চাৰিজন চিআইএছএফ কৰ্মীও আহত হয়। সেনা আৰু উগ্ৰপন্থীৰ মাজত সংঘৰ্ষ শুকুৰবাৰে পুৱা ৮.৩০ বজালৈকে অব্যাহত আছিল।
জম্মুৰ অতিৰিক্ত সঞ্চালক প্ৰধান মুকেশ সিঙে কয়, “উগ্ৰপন্থীসকলে লুকাই থকাৰ তথ্য পাই আৰু আক্ৰমণৰ পৰিকল্পনা কৰি আমি বৃহস্পতিবাৰে নিশা অঞ্চলটো ঘেৰাও কৰি তালাচী অভিযান আৰম্ভ কৰিছিলো। উগ্ৰপন্থীৰ আক্ৰমণত এজন সুৰক্ষা বাহিনীৰ জোৱান নিহত হয় আৰু আন চাৰিজন আহত হয়।”
ইয়াৰ পূৰ্বেও ২০১৮ চনতো উগ্ৰপন্থীয়ে চুনজবাত আক্ৰমণ কৰিছিল। সেই আক্ৰমণত কেইবাজনো সৈনিক নিহত হৈছিল।
২০১৯ চনত জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ পিছত এইটো প্ৰধানমন্ত্ৰীৰ প্ৰথমটো কাশ্মীৰ ভ্ৰমণ। মোডীয়ে ভ্ৰমণৰ সময়ত পল্লী গাঁৱত পঞ্চায়তসদস্যসকলৰ সৈতে এখন ডাঙৰ ৰাজহুৱা সভা সম্বোধন কৰিব। পিছে প্ৰধানমন্ত্ৰী গৰাকীৰ ভ্ৰমণৰ পূৰ্বে উগ্ৰপন্থীসকলে কঠোৰ নিৰাপত্তা ৰক্ষা ৰখা স্বত্বেও এই আক্ৰমণ চলায়।