নিউজ ডেস্ক: দেওবাৰে নেপালত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত যাত্ৰা কৰা ২০ জন লোকৰ মৃতদেহ উদ্ধাৰকাৰী দলে উদ্দাৰ কৰিছে। আজি উদ্ধাৰকাৰী দলে বিমানখনৰ দুৰ্ঘটনাস্থলীৰ পৰা ২০টা মৃতদেহ উদ্ধাৰ কৰে।

কাঠমাণ্ডু প’ষ্ট সংবাদপত্ৰখনত এই তথ্য প্ৰকাশ পাইছে।

উল্লেখযোগ্য যে কানাডাত নিৰ্মিত বিমানখনে দেওবাৰে নেপালৰ পোখাৰা মহানগৰৰ পৰা মধ্য নেপালত অৱস্থিত পৰ্যটন নগৰ জামচাম অভিমুখে ২২ গৰাকী যাত্ৰী কঢ়িয়াই গৈ থকা অৱস্থাতে আকাশমাৰ্গতে সন্ধানহীন হৈছিল বিমানখন।

বিমানখনত থকা যাত্ৰীসকলৰ মাজত ৪ গৰাকী ভাৰতীয় নাগৰিক, দুগৰাকী জাৰ্মান, ১৩ গৰাকী নেপালী যাত্ৰী আৰু ৩ গৰাকী নেপালী বিমানকৰ্মী আছিল।

সোমবাৰে পুৱা বিমানখনৰ সন্ধানত অভিযান আৰম্ভ হোৱাৰ কিছু ঘণ্টাৰ ভিতৰতে নেপালৰ মুস্তাংগ অঞ্চলত টুইন ইঞ্জিনৰ Tara Air-ৰ বিমানখন উদ্ধাৰ কৰা হয়।

লগতে পঢ়ক – নতুন ৰূপত ঘূৰি আহিবলৈ সাজু ‘অভিজাতৰ বাহন’ অ্যাম্বাসাডৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply