নিউজ ডেস্কঃ কাবুলৰ এটা মছজিদত এক প্ৰচণ্ড বোমা বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। বিস্ফোৰণত কমেও ২১ জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে আৰু আহত হৈছে কমেও ৪০ জন। অৱশ্যে, আহতৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে উল্লেখ কৰিছে।
আৰক্ষীয়ে জনাই যে বিস্ফোৰণৰ তীব্ৰতা এনেকুৱা আছিল যে উত্তৰ কাবুলৰ চুবুৰীয়া অঞ্চলসমূহলৈ বোমা বিস্ফোৰণৰ শব্দ শুনা গৈছিল, ওচৰৰ অট্টালিকাবোৰৰ খিৰিকীবোৰ ভাঙি পৰিছিল। ঘটনাস্থলীত লগে লগে আৰক্ষী উপস্থিত হৈ এম্বুলেন্সেৰে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল।
তালিবানৰ এজন বিষয়াই কৈছিল যে কাবুলৰ খাইৰখানা অঞ্চলৰ এটা মছজিদৰ ভিতৰত প্ৰাৰ্থনাৰ সময়ত বিস্ফোৰণটো সংঘটিত হৈছিল। এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে।নিহতসকলৰ ভিতৰত মছজিদৰ ইমাম সকলো আছিল । মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পোৱাৰ আশংকা আছে।
তালিবান চৰকাৰৰ আন বিষয়াসকলে হতাহতৰ সংখ্যা এতিয়াও স্পষ্টভাৱে প্ৰকাশ কৰা নাই।