নিউজ ডেস্কঃ আহমেদাবাদত ২০০৮চনত সংঘটিত বোমা বিস্ফোৰণ গোচৰত দোষী সাব্যস্ত হোৱা ৪৯জনৰ ৩৮জন অপৰাধীক ফাঁচী আৰু ১১জন যাৱজ্জীৱন কাৰাবাসৰ শাস্তি বিহাৰ ৰায় প্ৰদান কৰিছে ন্যায়ালয়ে। উল্লেখ্য যে, ২০০৮চনৰ ২৬ জুলাইত ২১টাকৈ স্থানত সংঘটিত বোমা বিস্ফোৰণত প্ৰাণ হেৰুৱাইছিল ৫৬জন লোকে।

তদুপৰি এই ধাৰাবাহিক বিস্ফোৰণত ২৬০জন লোক আহত হৈছিল। এই ঘটনাৰ সৈতে জড়িতৰ অভিযোগত ৭৭জন অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰা হৈছিল গোচৰ। আৰু ইয়াৰে ৪৯জন লোকক দোষী সাব্যস্ত কৰা হয়।

উল্লেখযোগ্য যে, এই সমগ্ৰ ঘটনা সংঘটিত কৰাৰ বাবে ইণ্ডিয়ন মুজাহিদ্দীনে নিজেই দায়িত্ব লৈছিল। প্ৰায় ১৩ বছৰ ধৰি এই গোচৰৰ শুনানি ন্যায়ালয়ত চলি থকাৰ পাছত অৱশেষত ৰায়দান কৰে ন্যায়ালয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply