নিউজ ডেস্ক – ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱস এইবাৰ কেৱল দেশতে উদযাপন কৰা নহ’ব, বৰঞ্চ বিদেশতো উৰিব জাতীয় পতাকা, বিদেশতো ধ্বনিত হ’ব ৰাষ্ট্ৰগান। ১৫ আগষ্টত আমেৰিকাৰ Boston চহৰত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত এখন বিমানে ২২০ ফুট দীঘল ভাৰত-আমেৰিকাৰ পতাকা উত্তোলন কৰিব। এই অনুষ্ঠানত ৩২ খন দেশৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰিব।
এই বৰ্ষৰ উদযাপনে বষ্টনত ভাৰতৰ স্বাধীনতা উদযাপনৰ ইতিহাসত বিভিন্ন দিশতেই প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ লৈছে – এই কথা সদৰী কৰিছে পেৰেডৰ আয়োজক ফেডাৰেচন অৱ ইণ্ডিয়ান এছ’চিয়েচন-নিউ ইংলেণ্ডৰ সভাপতি বিশিষ্ট নেতা অভিষেক সিঙে।
ইয়াৰ উপৰি, মেচাচুচেটছৰ গভৰ্ণৰ চাৰ্লি বেকাৰে ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰক ‘ভাৰত দিৱস’ হিচাপে ঘোষণা কৰিছে। ভাৰত দিৱস ক্ৰমান্বয়ে ১৪–১৫ আগষ্টত মেচাচুচেটছৰ ৰ’ড আইলেণ্ডৰ ষ্টেট হাউচ এণ্ড ইণ্ডিয়া ষ্ট্ৰীটত উদযাপন কৰা হ’ব। ভাৰতৰ প্ৰাক্তন Cricketer R P Singh ক অনুষ্ঠানটোৰ পেৰেডলৈ গ্ৰেণ্ড মাৰ্শ্বেল হিচাপে আমন্ত্ৰণ জনোৱা হৈছে।
ফেডাৰেচন অফ ইণ্ডিয়ান এছ’চিয়েশ্যনে (এফআইএ) প্ৰথমবাৰৰ বাবে ইণ্ডিয়া ষ্ট্ৰীটত এখন ফ্ৰীডম গেলেৰী আৰু প্ৰদৰ্শনী আয়োজন কৰিব। জনতাক স্বাধীনতা সংগ্ৰামৰ বাবে প্ৰাণ আহুতি দিয়া নায়কসকলৰ কথা সোঁৱৰাই দিয়া হ’ব। কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে এই অনুষ্ঠানৰ বাবে তেওঁৰ ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁ কয় যে ভাৰত-আমেৰিকাৰ সম্পৰ্ক যথেষ্ট আগবাঢ়িছে। দুয়োখন দেশৰ অংশীদাৰীত্ব কৌশলগত আৰু ইয়াৰ গুৰুত্বপূৰ্ণ মাত্ৰা আছে।