নিউজ ডেস্ক : দেশত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। প্ৰতিদিনে দেশত নতুন নতুন লোক ক’ভিডত আক্রান্ত হৈ আছে। ক’ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী অব্যাহত থকাৰ মাজতে প্ৰতিদিনে ৩০ ৰ পৰা ৪০ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। আক্রান্তৰ লগতে ক’ভিড ৰোগৰী মৃত্যুৰ ধাৰাও দেশত অব্যাহত আছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে শনিবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত পুনৰ দেশত ৩০ হাজাৰৰ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩৩ হাজাৰ ৩৭৬ জন। আনহাতে যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৩০৮ জন ক’ভিড ৰোগী।
ইফালে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠিছে ৩২ হাজাৰ ১৯৮ জন ক’ভিড ৰোগী। অৰ্থাৎ যোৱা ২৪ ঘন্টাত দেশত ক’ভিডৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যাতকৈ নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা অধিক। বর্তমানলৈকে দেশত ৪ লাখ ৪২ হাজাৰ ৩১৭ জন লোকৰ মৃত্যু হৈছে ক’ভিডৰ ফলত।
লগতে পঢ়ক : কোকৰাঝাৰত উৎকোচলৈ আবকাৰী বিভাগৰ অধীক্ষক গ্ৰেপ্তাৰ
ইফালে দেশৰ অন্যান্য ৰাজ্য সমূহৰ তুলনাত ক’ভিডৰ সংক্ৰমণ অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে দক্ষিণ ভাৰতত। দেশজুৰি ক’ভিড প্ৰতিষেধক প্রদান কাৰ্যসূচী অব্যাহত থাকৰ মাজতে দক্ষিণ ভাৰতৰ কেৰেলাত ক’ভিড আক্রান্ত লোকৰ সংখ্যা দেশৰ ভিতৰতে সৰ্বাধিক। যোৱা ২৪ ঘণ্টাত ২৫ হাজাৰ ১০ জন লোক কেৰেলাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।