নিউজ ডেস্ক : দেশৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আহিবলৈ ধৰিছে। চলিত মাহত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা পূৰ্বৰ তুলনাত বহু হ্ৰাস পাইছে। পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহিছে যদিও প্ৰতিদিনে দেশত নতুনকৈ ক’ভিডত ৪০ হাজাৰতকৈও অধিক লোক আক্রান্ত হৈ আছে।

ইয়াৰ মাজতে আক্রান্তৰ সংখ্যা মাজে সময়ে ৪০ হাজাৰৰ তলত আহিছে। যোৱা ২৪ ঘন্টাত দেশত প্ৰায় পাঁচ মাহ পিছত সবাতোকৈ কম লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ২৫ হাজাৰ ১৬৬ জন লোক ক’ভিডত আক্রান্ত হৈছে।

আনহাতে যোৱা ২৪ ঘন্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৪৩৭ জন ক’ভিড ৰোগী। উল্লেখ্য যে দেশত যোৱা ১৫ মাৰ্চত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল ২৪ হাজাৰ ৪৯২ জন লোক। ইফালে দেশত যোৱা ২৪ ঘন্টাত ক’ভিডৰ পৰা সুস্থ হৈ উঠিছে ৩৬ হাজাৰ ৮৩০ জন ৰোগী।

লগতে পঢ়ক :  ঘাইপথসমূহত যানবাহনৰ গতিবেগ নিয়ন্ত্রণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ বৈঠক

যোৱা ২৪ ঘন্টাত দেশত নতুনকৈ কভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১২ হাজাৰ ১০১ জন অধিক। যোৱা ২৪ ঘণ্টাত দেশত সর্বসাধিক লোক ক’ভিডত আক্রান্ত হৈছে কেৰেলাত। কেৰেলাত যোৱা ২৪ ঘন্টাত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ১২ হাজাৰ ২৯৪।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply