নিউজ ডেস্ক : ভাৰতত এতিয়াও অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। এতিয়াও ভাৰতত প্ৰতিদিনে হাজাৰ হাজাৰ লোক ক’ভিডত আক্রান্ত হৈ আছে। মৃত্যুৰ মুখতো প্ৰতিদিনে পৰি আছে বহু লোক। প্ৰতিদিনে ভাৰতত নতুন নতুন লোক ক’ভিডত আক্রান্ত হৈ থাকৰ মাজতে বিগত পাঁচ দিন ধৰি নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাই আছে।
যোৱা ৯ ছেপ্টেম্বৰৰ পৰা ভাৰতত ক্ৰমাৎ নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছে। যোৱা ৮ ছেপ্টেম্বৰত ভাৰতত ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ আক্রান্ত হৈছিল ৪৩ হাজাৰ ২৬৩ জন লোক। ইয়াৰ পিছৰে পৰা ৯ ছেপ্টেম্বৰৰ পৰা হ্ৰাস পাই আছে আক্রান্তৰ সংখ্যা।
যোৱা ৯ ছেপ্টেম্বৰত ২৪ ঘণ্টাৰ ভিতৰত ৩৪ হাজাৰ ৯৭৩ জন লোক, ১০ ছেপ্টেম্বৰত ৩৩ হাজাৰ ৩৭৬ জন লোক, ১১ ছেপ্টেম্বৰত ২৮ হাজাৰ ৫৯১ জন লোক, ১২ ছেপ্টেম্বৰত ২৭ হাজাৰ ২৫৪ জন লোক আক্রান্ত হৈছিলে। ইফালে ১৩ ছেপ্টেম্বৰত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি পুনৰ হ্ৰাস পাইছে আক্রান্তৰ সংখ্যা।
স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে পুৱাৰ ভাগত জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২৫ হাজাৰ ৪০৪ জন লোক। যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা ভাৰতত হ্ৰাস পাইছে যদিও মৃতকৰ সংখ্যা বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৩৩৯ জন ক’ভিড ৰোগী।
লগতে পঢ়ক : ২০ দিনীয়া কাৰ্যসূচীৰে প্রধানমন্ত্রীৰ জন্মদিন উদযাপন
ইফালে যদি ক’ভিড যুঁজত বিজয়ী হৈ যোৱা ২৪ ঘণ্টাত সুস্থ হৈ উঠিছে ৩৭ হাজাৰ ১২৭ জন লোক। অৰ্থাৎ যোৱা ২৪ ঘণ্টাত নতুনকৈ আক্রান্ত হোৱা লোকৰ তুলনাৰ সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। নতুনকৈ আক্রান্ত হোৱা লোকৰ তুলনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা যোৱা ২৪ ঘণ্টাত ১২ হাজাৰ ৬২ জন অধিক।