নিউজ ডেস্ক : ভাৰতত কভিড সংক্ৰমণৰ হাৰ নিম্নগামী হ’বলৈ ধৰিছে। ৬ দিন পিছত ভাৰতত যোৱা ২৪ ঘণ্টাত ৩০ হাজাৰতকৈ কম লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। ১৬০ দিনত দেশত সবাতোকৈ কম লোক যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈছে।
ভাৰততকৈ ইৰাণ, ব্ৰিটেন, আমেৰিকা আৰু জাপানত অধিক লোক প্ৰতিদিনে ক’ভিডত আক্রান্ত হৈ আছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সোমবাৰৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ২৫ হাজাৰ ৭২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। আনহাতে মৃত্যুৰ মুখত পৰিছে ৩৮৯ জন ক’ভিড ৰোগী।
ইয়াৰ পুর্বে ভাৰতৰ ২৪ ঘণ্টাৰ ভিতৰত ২৫ হাজাৰ ১৬৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল যোৱা ১৬ আগষ্টত। ইফালে যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডৰ লগত যুদ্ধ কৰি সুস্থ হৈ উঠিছে ৪৪ হাজাৰ ১৫৮ জন লোক। অৰ্থাৎ যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১৯ হাজাৰ ৪৭৪ জন অধিক।
লগতে পঢ়ক : ৭৩ বছৰীয়া পৰম্পৰা ৰক্ষা কৰি ভাদ মাহৰ পথাৰত নামিল ৰোৱনী
ভাৰতৰ যোৱা ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা ২৫ হাজাৰ ৭২ জনৰ ভিতৰত ১০ হাজাৰ ৪২ জন কেৰেলাৰ। অৰ্থাৎ মুঠ আক্রান্তৰ ৪০ শতাংশ কেৰেলাৰ। কেৰেলাত যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৬৬ জন ক’ভিড আক্রান্ত ৰোগী। বৰ্তমানলৈকে কেৰেলাত মুঠ ক’ভিড আক্রান্ত লোকৰ সংখ্যা ৩৮ লাখ ১৪ হাজাৰ ৩০৫ জন।