নিউজ ডেস্ক : এগৰাকী প্ৰাক্তন বিধয়াকক ২৫ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে। ১৪ বছৰীয়া কিশোৰীক ধৰ্ষণৰ অভিযোগত মেঘালয়ৰ মাৱহাটি প্ৰাক্তন বিধায়কক ২৫ বছৰৰ কাৰাদণ্ড বিহিলে আদালতে।
মেঘালয়ৰ পকচো আদালতে মাৱহাটি প্ৰাক্তন বিধায়ক জুলিয়াছ কে ডৰফাঙক ১৪ বছৰীয়া কিশোৰীক ধর্ষণ কৰাৰ অভিযোগত ২৫ বছৰৰ কাৰাদণ্ডৰ লগতে ১৫ লাখ টকাৰ জৰিমনা বিহে। মেঘালয়ৰ উগ্ৰপন্থী সংগঠন হাইনিভেট্রেপ নেশ্যনেল লিবাৰেশ্যন কাউন্সিলৰ প্ৰাক্তন অধ্যক্ষ আছিল জুলিয়াছ কে ডৰফাঙ।
জুলিয়াছ কে ডৰফাঙ ২০০৭ চনত আত্মসমৰ্পণ কৰি ২০১৩ চনত মেঘালয়ৰ ৰিভৈ জিলাৰ মাৱহাটি বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈ বিজয়ী হৈছিল। ২০১৭ চনত জুলিয়াছ কে ডৰফাঙৰ বিৰুদ্ধে ১৪ বছৰীয়া কিশোৰী এগৰাকীক ধর্ষণ কৰাৰ অভিযোগ উত্থাপন হয়।
ধৰ্ষণৰ অভিযোগৰ পিছতে জুলিয়াছ কে ডৰফাঙ মেঘালয়ৰ পৰা পলায়ন কৰিছিল যদিও গুৱাহাটীত জুলিয়াছ কে ডৰফাঙক গ্ৰেপ্তাৰ কৰা হৈছিল। ইয়াৰ পিছতে জুলিয়াছ কে ডৰফাঙ জামিন লাভ কৰিবলৈ সক্ষম হৈছিল।
লগতে পঢ়ক : অবৈধ গৰু চিণ্ডিকেটৰ ন্যায়িক তদন্ত বিচাৰি প্ৰধানমন্ত্ৰীলৈ জাতীয় পৰিষদৰ পত্ৰ
অৱশেষত জুলিয়াছ কে ডৰফাঙ পকচো আদালতে ধৰ্ষণৰ অভিযোগত দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰে। ইফালে জুলিয়াছ কে ডৰফাঙৰ অধিবক্তাই এই ৰায়ক মেঘালয়ৰ উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনাব বুলি জানিবলৈ দিয়ে।