নিউজ ডেস্ক : দেশত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ তাণ্ডৱলীলা। যোৱা এপ্ৰিল মাহৰ পৰাই দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌৱে সংহাৰী ৰূপ ধাৰণ কৰাত প্ৰতিদিনে কেইবা লক্ষাধিক লোক ক’ভিডত আক্রান্ত হোৱাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। বিগত দুদিন ধৰি দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা কিছু হ্ৰাস পাইছে যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা কিন্তু নিয়ন্ত্ৰণলৈ অহা নাই দেশত।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি দেশত যোৱা ২৪ ঘণ্টাত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পাইছে। যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ২ লাখ ৬৩ হাজাৰ ৫৩৩ জন লোক। সংক্ৰমণৰ হাৰ হ্ৰাস পালেও ক’ভিড ৰোগৰী মৃত্যুৰ সংখ্যা পূৰ্বৰ দৰেই আছে। দেশত ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৪ হাজাৰ ৩২৯ জন ক’ভিড ৰোগী। ইয়াৰ বিপৰীতে সুস্থ হৈ উঠিছে ৪ লাখ ২২ হাজাৰ ৪৩৬ জন ক’ভিড ৰোগী।
আৰু পঢ়কঃ কোলাৰ দুবছৰীয়া সন্তানক এৰি ক’ভিড যুদ্ধত ব্যস্ত নাজিৰাৰ এগৰাকী মহিলা মহকুমাধিপতি
উল্লেখ্য যে যোৱা ২৯ এপ্ৰিলৰ পিছত প্ৰথমবাৰৰ বাবে দেশত ২৪ ঘণ্টাত ইমান কম সংখ্যক লোক ক’ভিডত আক্রান্ত হৈছে। যোৱা ২৯ এপ্ৰিলত ২৪ ঘণ্টাত নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল প্ৰায় ২ লাখ ৫৯ হাজাৰ লোক। দেশত ক’ভিড আক্রান্ত লোকৰ মুঠ সংখ্যা হৈছে ২ কোটি ৫২ লাখ ২৮ হাজাৰ ৯৯৬। ইয়াৰে ২ কোটি ১৫ লাখ ৯৬ হাজাৰ ৫১২ জন লোক সুস্থ হৈ উঠাত চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হৈছে। আনহাতে দেশত ক’ভিডত আক্রান্ত হৈ মুঠ ২ লাখ ৭৮ হাজাৰ ৭১৯ জন লোক বৰ্তমানলৈকে প্ৰাণ হেৰুৱাইছে।