নিউজ ডেস্ক : ক’ভিড ৰোগীৰ মৃত্যুৰ ক্ষেত্ৰত ভাৰতৰ নতুন ৰেকৰ্ড। পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰি ভাৰতত এদিনত মৃত্যু হ’ল ৪,৫২৯ জন ক’ভিড ৰোগীৰ। ইয়াৰ পূৰ্বে এদিনত সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু হৈছিল আমেৰিকাত। আমেৰিকাৰ পিছতে ক’ভিডৰ দ্বাৰা প্ৰভাৱিত বিশ্বৰ দ্বিতীয়খন দেশ হৈছে ভাৰত। দেশত সংক্ৰমণৰ হাৰ কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও মৃত্যুৰ হাৰ পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে।
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি ভাৰতত যোৱা ২৪ ঘন্টাত ক’ভিডত নতুনকৈ আক্রান্ত হৈছে ২ লাখ ৬৭ হাজাৰ ৩৩৪ জন লোক। এপ্ৰিল মাহৰে পৰা দেশত মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ অব্যাহত আছে। যোৱা কিছুদিন ধৰি ভাৰতত ক’ভিড সংক্ৰমণৰ হাৰ হ্ৰাস পাইছে যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ হাৰ ভয়াবহভাৱে বৃদ্ধি পাবলৈ ধৰিছে।
আৰু পঢ়কঃ ক’ভিড পৰীক্ষাৰ সংখ্যা বৃদ্ধিৰ ওপৰত গুৰূত্ব আৰোপ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তৰ
যোৱা ২৪ ঘন্টাত ক’ভিড ৰোগীৰ মৃত্যুৰ ক্ষেত্ৰত ভাৰত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছে। যোৱা ২৪ ঘণ্টাত ভাৰতত সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু ঘটিছে। আমেৰিকক পিছ পেলাই যোৱা ২৪ ঘণ্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ৪,৫২৯ জন ক’ভিড ৰোগীৰ। আমেৰিকাত যোৱা ১২ জানোৱাৰীত এদিনত মৃত্যুৰ মুখত পৰিছিল ৪,৪৬৮ জন ক’ভিড ৰোগী।