নিউজ ডেস্ক : জাপানত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডত ২৭ জন লোকে প্ৰাণ হেৰোৱাৰ আশংকা কৰা হৈছে। প্ৰাপ্ত তথ্য মতে পশ্চিম জাপানৰ ওচাকা মহানগৰৰ এটা ৮ মহলিয়া বিল্ডিঙৰ ৪ নম্বৰ মহলাত উক্ত অগ্নিকাণ্ড সংঘটিত হয়।

ওচাকা মহানগৰৰ অগ্নি নিৰ্বাপক বাহিনীৰ এগৰাকী বিষয়াই জনোৱা মতে উক্ত অগ্নিকাণ্ডত ২৮ জন লোক আহত হৈছিল আৰু ইয়াৰে ২৭ জনৰ কাৰ্ডিয়েক এৰেষ্ট আহিছিল। এই পৰ্য্যন্ত ২৩ জন লোকক সমীপৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

অগ্নিকাণ্ডৰ কাৰণ এই পৰ্য্যন্ত জানিব পৰা হোৱা নাই। অগ্নিকাণ্ডৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিল্ডিংটোৰ বাকী মহলা কেইটাত থকা লোকসকলক তাৰ পৰা উদ্ধাৰ কৰে।

এগৰাকী বিষয়াই জনোৱা মতে প্ৰায় ৭০খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীক জুই নিৰ্বাপনত ব্যৱহাৰ কৰা হয়।

লগতে পঢ়ক : মৰিয়নিত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত হাতী পোৱালিৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply