নিউজ ডেস্ক : ভাৰতত অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। এতিয়াও ভাৰতত প্ৰতিদিনে হাজাৰ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ক’ভিড ৰোগৰী মৃত্যুৰ সংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পাইছে যদিও এতিয়াও বহু ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰি আছে।

ইয়াৰ মাজতে ভাল খবৰ যে বিগত ৮০ দিন ধৰি ভাৰতত ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৫০ হাজাৰৰ তলত আছে। বুধবাৰে পুৱাৰ ভাগত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ২৭ হাজাৰ ১৭৬ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।

আনহাতে স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত মৃত্যুৰ মুখত পৰিছে ২৮৪ জন ক’ভিড ৰোগী। ইফালে যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৮ হাজাৰ ১২ জন।

লগতে পঢ়ক : হাটশিঙিমাৰীৰ সুখচৰ বৌ-বজাৰত নিশা বিধ্বংসী অগ্নিকাণ্ড

অৰ্থাৎ যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যাতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১১ হাজাৰ ১২০ জন অধিক। যোৱা ২৪ ঘণ্টাত কেৰেলাতে নতুনকৈ ক’ভিডত আক্রান্ত হৈছে ১৫ হাজাৰ ৮৭৬ জন লোক। অৱশ্যে কেৰেলাৰ পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,286 other subscribers

Leave a comment

Leave a Reply