নিউজ ডেস্ক : ভাৰতত এতিয়াও অব্যাহত আছে ক’ভিডৰ দ্বিতীয়টো ঢৌৰ লহৰ। এতিয়াও ভাৰতত প্ৰতিদিনে নতুন নতুন লোক আক্রান্ত হৈ আছে ক’ভিডত। প্ৰতিদিনে ভাৰতত ৩০ ৰ পৰা ৪০ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ মাজতে বিগত দুদিন ধৰি ক’ভিড সংক্ৰমণৰ হাৰ কিছু নিয়ন্ত্ৰণলৈ আহিছে।
ভাৰতত বিগত দুদিন ধৰি ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা ৩০ হাজাৰৰ তলত নামিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ৩০ হাজাৰতকৈ কম লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ভাৰতত ২৭ হাজাৰ ২৫৪ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে।
উল্লেখ্য যে ইয়াৰ পুৰ্বেও শনিবাৰে স্বাস্থ্য মন্ত্ৰালয়ে জাৰি কৰা তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত ভাৰতত ২৮ হাজাৰ ৫৯২ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছিল। ইফালে যোৱা ২৪ ঘণ্টাত ভাৰতৰ মৃত্যুৰ মুখত পৰিছে ২১৯ জন ক’ভিড ৰোগী। আনহাতে ২৪ ঘণ্টাত ক’ভিড যুঁজত বিজয়ী হৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩৭ হাজাৰ ৬৮৭ জন।
লগতে পঢ়ক : ইমানুৱেল মুছাহাৰীক আক্ৰমণ ইউপিপিএল নেতা জলেন দৈমাৰীৰ
যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ তুলনাৰ সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক। যোৱা ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকতকৈ সুস্থ হৈ উঠা লোকৰ সংখ্যা ১০ হাজাৰ ৬৫২ জন অধিক। যোৱা ২৪ ঘণ্টাত ভাৰতত ক’ভিডত আক্রান্ত হোৱা ২৭ হাজাৰ ২৫৪ জন লোকৰ ভিতৰত কেৰেলাৰে ২০ হাজাৰ ২৪০ জন লোক।