নিউজ ডেস্ক : বিগত এপ্ৰিল মাহৰ পৰা দেশত তাণ্ডৱ চলাই আছে মাৰাত্মক ক’ভিডৰ দ্বিতীয়টো ঢৌ। সংহাৰী ৰূপ ধাৰণ কৰা ক’ভিডত প্ৰতিদিনে কেইবা লক্ষাধিক লোক আক্রান্ত হৈ আছে, মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। ক’ভিডৰ তাণ্ডৱলীলা অব্যাহত থকাৰ মাজতে ২৭ দিন পিছত আহিছে দেশবাসীক কিছু সকাহ দিব পৰা এক ভাল খবৰ।
দেওবাৰে দিনটো আছিল দেশবাসীৰ বাবে ভাল দিন। দেওবাৰে ২৪ ঘণ্টাৰ ভিতৰত ক’ভিডত নতুনকৈ আক্রান্ত হোৱা লোকৰ সংখ্যা বহু হ্ৰাস পায়। যোৱা ২৭ দিনত ভিতৰত দেওবাৰে প্ৰথমবাৰৰ বাবে দেশত ২৪ ঘণ্টাৰ ভিতৰত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা ৩ লাখৰ তললৈ নামে। দেওবাৰে ২৭ দিনৰ পিছত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হয় ২ লাখ ৮১ হাজাৰ ৩৮৬ জন লোক।
আৰু পঢ়কঃ অসমত দেওবাৰৰ দিনটোত ৩৬৫০ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত
আক্রান্তৰ দিশৰ পৰা দেওবাৰৰ দিনটো কিছু সকাহ দিছে যদিও ক’ভিড ৰোগীৰ মৃত্যুৰ সংখ্যা দেশত হাৰ পোৱা নাই। দেওবাৰ দিনটোত ২৪ ঘণ্টাত দেশত মৃত্যুৰ মুখত পৰিছে ৪ হাজাৰ ১০৬ জনকৈ লোক। আনহাতে ক’ভিডক পৰাস্ত কৰি দেশত সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ৩ লাখ ৭৮ হাজাৰ ৭৪১ জন।