উত্তৰ-পূৱৰ অসম, মণিপুৰ, নাগালেণ্ডৰ বহুকেইখন জিলাৰ পৰা আফস্পাৰ (AFSPA) প্ৰত্যাহাৰ কৰা হৈছে যদিও অৰুণাচল প্ৰদেশৰ তিনিখন জিলাত পুনৰ ৬ মাহলৈ অশান্ত অঞ্চল হিচাপে ঘোষণা কৰা হৈছে। অসম সীমান্তৰ নামচাই আৰু মহাদেৱপুৰ আৰক্ষী থানাৰ অন্তৰ্গত অঞ্চলতো আফস্পাৰ ম্যাদ বৃদ্ধি কৰিছে ।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে এই বিষয়ে সদৰি কৰি কয় যে, কেন্দ্ৰীয় চৰকাৰে অসম, মণিপুৰ আৰু নাগালেণ্ডৰ আইন-শৃংখলা জনিত পৰিস্থিতি উন্নত হোৱা বাবে সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন কিছু অঞ্চলৰ পৰা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
উল্লেখ্য যে,যোৱা ডিচেম্বৰ মাহত নাগালেণ্ডৰ মন জিলাৰ অ’টিং বস্তিত আছাম ৰাইফলচৰ দ্বাৰা সংঘটিত হোৱা নৰসংহাৰৰ পাছতেই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতেই সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন প্ৰত্যাহাৰৰ বাবে আন্দোলনে ভয়াৱহ ৰূপ লৈছিল ।