নিউজ ডেস্ক : ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক হত্যাৰ চেষ্টা চলোৱাৰ অভিযোগত ত্ৰিপুৰা আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে।

ত্ৰিপুৰা আৰক্ষী আজি জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে মুখ্য মন্ত্ৰী গৰাকীয়ে আগৰতলাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী পথত থকা তেওঁৰ চৰকাৰী বাসগৃহৰ সমীপত আবেলি খোজ কাঢ়ি থকাৰ সময়ত উক্ত তিনিজন যুৱকে তেওঁৰ নিৰাপত্তা বেষ্টনিৰ মাজেৰে তীব্ৰ বেগেৰে এখন বলেৰ’ পাৰ কৰি লৈ যায়।

কাষলৈ জাপ মাৰি বিপ্লৱ কুমাৰ দেৱে কোনো মতে নিজক বাহনখনৰ পৰা ৰক্ষা কৰে যদিও বাহনখনৰ খুন্দাত তেওঁৰ এগৰাকী নিৰাপত্তাৰক্ষী সামান্যভাৱে আঘাতপ্ৰাপ্ত হয়।

অৱশ্যে আৰক্ষীয়ে বাহনসহ যুৱক তিনিজনক পিছত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। তেওঁলোকক শুভম সাহা (২৭), অমন সাহা (২৫) আৰু গাইৰিক ঘোষ (২৪) বুলি চিনাক্ত কৰা হৈছে।

তেওঁলোকৰ বিৰুদ্ধে আগ-পাছ নুগুনাকৈ বাহন চলোৱা, চৰকাৰী কৰ্মচাৰীক কৰ্তব্যত বাধা দিয়া, ইচ্ছাকৃতভাৱে চৰকাৰী কৰ্মচাৰীক আঘাতপ্ৰাপ্ত কৰা আৰু মুখ্য মন্ত্ৰীক হত্যাৰ চেষ্টা চলোৱাৰ গোচৰ ৰুজু কৰা হয়।

উল্লেখযোগ্য যে ২০১৮ চনত ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ মাফিয়াই হত্যাৰ ভাবুকি দিয়াৰ পিছৰে পৰা ত্ৰিপুৰাৰ মুখ্য মন্ত্ৰী গৰাকীক Z+ নিৰাপত্তা প্ৰদান কৰি অহা হৈছে।

ত্ৰিপুৰা আৰক্ষীৰ এক সূত্ৰই জনোৱা মতে ধৃত অভিযুক্ত তিনিজনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মাত প্ৰেৰণ কৰা হয়।

লগতে পঢ়ক : দেশত ক’ভিড সংক্ৰমণৰ সংখ্যা হ্ৰাস পাইছে যদিও বৃদ্ধি পাইছে মৃতকৰ সংখ্যা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply