নিউজ ডেস্ক: ৰাজস্থানত আজি পুৱা এটা মন্দিৰৰ বাহিৰত হোৱা ঠেলা-হেঁচাত তিনিজন লোক নিহত হোৱাৰ লগতে আন চাৰিজন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে, আজি পুৱা প্ৰায় ৪.৩০ বজাত ৰাজস্থানৰ শিকাৰ জিলাত থকা খাটু শ্যাম মন্দিৰৰ দৰ্জা খোলাৰ সময়তে ভক্তৰ ভিৰৰ ঠেলা-হেঁচাৰ ফলত এই মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হয়।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাজস্থানৰ মুখ্য মন্ত্ৰী অশোক গেহলটে নিহত লোকসলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আৰোগ্য কামনা কৰে।

জিলা আৰক্ষী অধীক্ষকে জনোৱা মতে মন্দিৰৰ বাহিৰত ৰৈ থকা হৃদ ৰোগত আক্ৰান্ত এগৰাকী ৬৩ বছৰীয়া মহিলা হঠাৎ মাটিত ঢলি পৰাত তেওঁৰ পিছত থকা আন দুগৰাকী মহিলাও ভিৰৰ ঠেলা-হেঁচা বাগৰি পৰি পদপিষ্ট হৈ মৃত্যুক সাবটি লয়।

লগতে পঢ়ক – বন অধিকাৰ ধ্বংস কৰি চৰকাৰে প্ৰস্তুত কৰা নতুন নিয়মাৱলী সম্পৰ্কে গুৱাহাটীত ৰাজ্যিক পৰ্যায়ৰ আলোচনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply