নিউজ ডেস্ক : ছিকিমত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত পথৰ পৰা ৫০০ ফুট তলত এখন ট্ৰাক বাগৰি পৰাৰ ফলত ৩ জন লোকে প্ৰাণ হেৰুৱাব লগা হয়।
বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬.৩০ বজাত পূব ছিকিমৰ লুইঙত উক্ত দুৰ্ঘটনা সংঘটিত হয় বুলি শুকুৰবাৰে ৰাজ্যখনৰ আৰক্ষীয়ে জানিবলৈ দিয়ে।
আৰক্ষীৰ মতে ৰে’-ছামাৰ পৰা গেংটকলৈ পাথৰ কঢ়িয়াই নিয়া ট্ৰাকখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলত সংঘটিত হয় উক্ত দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত ট্ৰাকখনৰ চালকজনৰ লগতে হেণ্ডিমেন আৰু আন এজন লোক নিহত হয়।
পিছত নিহত লোককেইনজৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গেংটকৰ সমীপৰ এছ টি এন এম হস্পিটেললৈ প্ৰেৰণ কৰা হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
লগতে পঢ়ক – ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তলব; ‘ছাল কম পাতল কৰিবলৈ শিকা উচিত’, কেন্দ্ৰক কটাক্ষ শশী থাৰুৰ