নিউজ ডেস্ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইণ্ডিয়ানা প্ৰদেশৰ এটা শ্বপিং মলত সংঘটিত এক গুলীচালনাৰ ঘটনাত এজন বন্দুকধাৰীৰ আক্ৰমণত তিনিজন লোকে প্ৰাণ হেৰোৱাব লগা হয়।

জানিব পৰা মতে দেওবাৰে সংঘটিত উক্ত আক্ৰমণৰ ঘটনাত আন তিনিজন লোক আহত হৈছে।
ঘটনা সন্দৰ্ভত ইণ্ডিয়ানাৰ গ্ৰীণউডৰ মেয়ৰ মাৰ্ক মায়াৰ্ছে এক বিবৃতিত কয়, “আজি সন্ধিয়া গ্ৰীণউড পাৰ্ক মলত এক ডাঙৰ গুলীচালনাৰ ঘটনা ঘটে। এই ঘটনাত তিনিজন লোক নিহত আৰু আন তিনিজন লোক আহত হয়।”

আনহাতে, আক্ৰমণকাৰীজনক এজন অসামৰিক ব্যক্তিয়ে গুলীয়াই নিহত কৰে

বাতৰি অনুসৰি, আক্ৰমণকাৰীজনক এজন সশস্ত্ৰ ব্যক্তিয়ে গুলীয়াই নিহত কৰে বুলি মায়াৰ্ছে লগতে জানিব দিয়ে।

গ্ৰীণউড আৰক্ষীয়ে তেওঁলোকৰ ফেচবুক পৃষ্ঠাত দিয়া এটা পোষ্টৰ জৰিয়তে ঘটনাটোৰ সাক্ষীসকলক তেওঁলোকক তথ্য জনাবলৈ আৰক্ষীক বিভাগক যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।
উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত এইদৰে গুলীচালনাৰ ঘটনা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। Gun Violence Archive-ৰ মতে দেশখনত এবছৰত প্ৰায় ৪০,০০০ লোক গুলীচালনাৰ ফলত নিহত হয়।

লগতে পঢ়ক –লোকনিৰ্মাণ বিভাগে পথত পেলাই থোৱা মাটিৰ দমৰ বাবে দুৰ্ঘটনাত পতিত হৈ যুৱকৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply