নিউজ ডেস্ক : দেশত অব্যাহত আছে মাৰাত্মক ক’ভিডৰ সংহাৰী ৰূপ। প্ৰতিদিনে দেশত কেইবা লক্ষাধিক লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। বিগত কিছুদিন ধৰি দেশত ক’ভিড পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ আহিছে যদিও প্ৰতিদিনে ৪ হাজাৰ ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰি আছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ভিডত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৩ লাখ ৪৩ হাজাৰ ১৪৪ জন। ইয়াৰ পিছতে দেশত মুঠ ক’ভিড সংক্ৰমিত লোকৰ সংখ্যা ২,৪০,৪৬,৮০৯ লৈ বৃদ্ধি পাইছে। আনহাতে মাৰাত্মক ক’ভিডক পৰাস্ত কৰি সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ২,০০,৭৯,৫৯৯ জন।

স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি পুনৰ যোৱা ২৪ ঘণ্টাত দেশত ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে ৪ হাজাৰ ক’ভিড ৰোগী। ইয়াৰ লগতে দেশত বৰ্তমানলৈকে মৃত্যুৰ মুখত পৰা ক’ভিড ৰোগীৰ সংখ্যাই স্পৰ্শ কৰিলে ২,৬২,৩১৭ ৰ ঘৰ। ইয়াৰ সমান্তৰালে দেশত দ্ৰুত গতিত ক’ভিড আক্রান্ত ৰোগী সুস্থ হৈ আছে। যোৱা ২৪ ঘণ্টাত ৩,৪৪,৭৭৬ জন ক’ভিড ৰোগী সুস্থ হৈ উঠিছে।

আৰু পঢ়কঃ তপতজুৰি পাহাৰত ১৮টা হাতীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে ঘটনাস্থলী পৰিদৰ্শন বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ

যোৱা ২৪ ঘণ্টাত মৃত্যু হোৱা ৪ হাজাৰ ক’ভিড ৰোগীৰ ভিতৰত ৮৫০ জন মহাৰাষ্ট্ৰৰ, ৩৪৪ জন কৰ্ণাটকৰ, ৩০৮ জন দিল্লীৰ, ২৯৭ জন তামিলনাডুৰ, ২৭৭ জন উত্তৰ প্ৰদেশৰ লগতে মৃত্যু হোৱা অন্যান্য ৰোগী সকল দেশৰ বিভিন্ন প্ৰান্তৰ। আনহাতে বর্তমানলৈকে সৰ্বাধিক ক’ভিড ৰোগীৰ মৃত্যু হোৱা ৰাজ্যখন হৈছে মহাৰাষ্ট্ৰ। মহাৰাষ্ট্ৰত বৰ্তমানলৈকে মুঠ ২ লাখ ৬২ হাজাৰ ৩১৬ জন ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply