কনমানী লিপাভি

নাগালেণ্ডৰ এটি তিনিবছৰীয়া শিশুৱে দৃষ্টি কাঢ়িছে বিশ্বৰ। তিনি বছৰীয়া লিপাভিৰ কাহিনী ভাইৰেল ছ’ছিয়েল মিডিয়াত। বৃহস্পতিবাৰে শিশুটি উপস্থিত হ’ল স্থানীয় স্বাস্থ্য কেন্দ্ৰত। শিশুটিয়ে জনালে আগনিশাৰে পৰা তেওঁ কাহ হৈছে। তেওঁক ঘৰত থৈ পুৱাতে খেতিলৈ গ’ল পিতৃ-মাতৃ। দুপৰীয়া লিপাভি নিজেই উপস্থিত হ’ল হেব’লিমি স্বাস্থ্য কেন্দ্ৰত।স্বাস্থ্য বিষয়াই স্বাস্থ্য পৰীক্ষা কৰিলে শিশু লিপাভিৰ, দিলে ঔষধ৷ কৰোনাৰ বিৰুদ্ধে সৃষ্টি হোৱা সচেতনতা দেখি এই সিদ্ধান্ত লিপাভিৰ।

এজনী ৩ বছৰীয়া কণমানিয়ে ইণ্টাৰনেটত সৃষ্টি কৰিছে ধুমুহা।সকলোকে আচৰিত কৰি তোলা এক কাণ্ড কৰিছে কণমানিজনীয়ে।এই ঘটনা সংঘটিত হৈছে নাগালেণ্ডৰ ঝুনেবট’ জিলাৰ গাটাছি মহকুমাৰ হেবোলিমি স্বাস্থ্য কেন্দ্ৰত।
কণমানিজনীৰ নাম লিপাভি।

যিসময়ত বহু শিক্ষিত লোকে কৰ’নাৰ বিধি উলংঘা কৰি আহিছে তেনে সময়তে লিপাভিৰ এই সচেতনতাই সকলোকে আচৰিত কৰিছে।কণমানি লিপাভিৰ আগদিনা নিশাৰ পৰাই পানীলগা জ্বৰ হৈছিল।কিন্তু পুৱাই পিতৃ-মাতৃ কামলৈ ওলাই গৈছিল।আন কথা চিন্তা নকৰি লিপাভি নিজেই গৈ ওলাল ওচৰৰ হাস্পতালত।উল্লেখযোগ্য যে, নিজৰ স্বাস্থ্য পৰীক্ষা কৰাবলৈ হাজিৰ হোৱা লিপাভিয়ে পিন্ধি গৈছিল মাস্ক।লিপাভিৰ সচেতনতাত উৎসাহিত হৈ পৰে চিকিৎসক।লগতে পঢ়ক শৰাইঘাটৰ দলং আকৌ তিনিমাহৰ বাবে বন্ধৰ জাননী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply