নিউজ ডেস্ক : দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ কিছু নিয়ন্ত্ৰনলৈ আহিছে যদিও ইয়াৰ প্ৰভাৱ বৰ্তমানেও অব্যাহত আছে। এতিয়াও প্ৰতিদিনে দেশত হাজাৰ হাজাৰ লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ আছে। ধৰাবহিকভাৱে বহু ক’ভিড ৰোগী মৃত্যুৰ মুখত পৰি আছে। ইয়াৰ মাজতে ক’ভিডৰ তৃতীয়টো ঢৌৰ আশংকা দেখা দিছে দেশত।
বেংলুৰুত বিগত ৬ দিনত ৩০০ শিশু ক’ভিডত আক্রান্ত হৈছে। আক্রান্ত হোৱা শিশু সকলৰ বয়স ১৯ বছৰৰ তলত। উল্লেখ্য যে ভাৰতত ক’ভিডত তৃতীয়টো ঢৌত শিশু সকল অধিক সংক্ৰমিত হ’ব বুলি আশংকা প্ৰকাশ কৰা হৈছিল আৰু বিগত ৬ দিনৰ বেংলুৰুত ৩০০ আক্রান্ত হোৱাত ক’ভিডৰ তৃতীয়টো ঢৌ দেশত আহি পোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে।
বেংলুৰুত আক্রান্ত হোৱা ৩০০ শিশুৰ ভিতৰত ১২৭ গৰাকী শিশুৰ বয়স ১০ বছৰৰ তলত আৰু ১৭৩ গৰাকী শিশুৰ বয়স ১০ ৰ পৰা ১৯ বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে। যোৱা ৫ পৰা ১০ আগষ্টৰ ভিতৰত এই শিশু কেইটাৰ ক’ভিড টেষ্ট কৰা হৈছিল। ভাৰতত শিশু সকলক বাবে বৰ্তমানলৈকে ক’ভিড ভেকচিন প্ৰদানৰ ব্যৱস্থা আৰম্ভ হোৱা নাই।
লগতে পঢ়ক : গড়ৰ খড়্গৰ চোৰাং বেপাৰৰ সৈতে জড়িত বন বিভাগৰ কৰ্মচাৰী; দুজনক গ্ৰেপ্তাৰ
ইফালে যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৪০ হাজাৰতকৈ অধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে যোৱা ২৪ ঘণ্টাত দেশত ৪০ হাজাৰ ১২০ জন লোক ক’ভিডত নতুনকৈ আক্রান্ত হৈছে। আনহাতে দেশত যোৱা ২৪ ঘণ্টাত মৃত্যুৰ মুখত পৰিছে ৫৪৫ জন ক’ভিড ৰোগী।