নিউজ ডেস্ক : দেশত অব্যাহত আছে ভয়াবহ ক’ভিডৰ তাণ্ডৱলীলা। প্ৰতিদিনে দেশত কেইবা লক্ষাধিক লোক নতুনকৈ ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে হাজাৰ হাজাৰ লোক। নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱা এই মাৰাত্মক ক’ভিডে ইতিমধ্যে আমাৰ মাজৰ পৰা কাঢ়ি নিছে বহুজনক। ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি ছবি জগতৰ লোক, স্বাস্থ্য কৰ্মীৰ পৰা আৰম্ভ কৰি সংবাদ কৰ্মীৰ লোক।
যোৱা বছৰৰ পৰা আৰম্ভ হোৱা ক’ভিডৰ আক্ৰমণৰ বৰ্তমানৰ সময়ছোৱালৈকে দেশৰ সংবাদ জগতৰ কেইবাগৰাকী সংবাদ কৰ্মীয়ে প্ৰাণ হেৰুৱাইছে ক’ভিডত আক্রান্ত হৈ। যোৱা বছৰৰ পৰা সমগ্ৰ বিশ্বই ক’ভিডৰ বিৰুদ্ধে যি যুদ্ধ চলাই গৈছে ইয়াত চিকিৎসাক সকল, স্বাস্থ্য কর্মী সকল, নিৰাপত্তা ৰক্ষীৰ লোক সকলৰ লগতে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিছে সংবাদ মাধ্যমৰ লোক সকল। ক’ভিড সম্পৰ্কীয় প্ৰতিটো খবৰ বিশ্ববাসীৰ আগত দাঙি ধৰিছে সংবাদ কর্মী সকলে। ক’ভিডৰ ভয়াবহ পৰিৱেশৰ মাজত বাহিৰলৈ ওলাই গৈ বাতৰি সংগ্ৰহ কৰি বহু সংবাদ কর্মী ক’ভিডত আক্রান্ত হোৱাৰ লগতে বিভিন্ন সংবাদ প্ৰতিষ্ঠানত দিনে-নিশাই কাৰ্যালয়ৰ ভিতৰত থাকি দায়িত্ব পালন কৰা বহু সংবাদ কর্মী ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে।
ৰাইজক ঘৰৰ ভিতৰৰ সুৰক্ষিত থাকিবলৈ আহ্বান জনাই, ৰাইজৰ মাজত ক’ভিড সম্পৰ্কীয় সজাগতা সৃষ্টিৰ উদ্দেশ্যে কাম কৰি ইতিমধ্যে বহু সাংবাদিক মাৰাত্মক ক’ভিডৰ বলি হৈছে। বিশেষকৈ ক’ভিডৰ দ্বিতীয়টো ঢৌ অধিক ঘাটক ৰূপে চিহ্নিত হৈছে সাংবাদিক সকলৰ বাবে।বর্তমানলৈকে দেশত ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ৩০০ সাংবাদিক। দেশত ক’ভিডৰ দ্বিতীয়টো ঢৌ আৰম্ভ হোৱাৰে পৰা যোৱা এপ্ৰিল মাহত প্ৰতিদিনে তিনিজনকৈ সাংবাদিকে প্ৰাণ হেৰুৱাৰ পৰিবৰ্তে মে’ মাহত ক’ভিডে মৃত্যুৰ মুখলৈ ঠেলি দিছে প্ৰতিদিনে চাৰিজনকৈ সাংবাদিকক।
দিল্লীৰ ইনষ্টিটিউট অৱ পাৰচেপচন ষ্টাডিজৰ তথ্য মতে যোৱা ২০২০ চনৰ এপ্রিলৰ পৰা ২০২১ চনৰ ১৬ মে’লৈকে ৩০০ সাংবাদিক ক’ভিডত আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে। ইনষ্টিটিউট অৱ পাৰচেপচন ষ্টাডিজৰ তথ্য মতে ক’ভিডৰ প্ৰথমটো ঢৌত কৈ দ্বিতীয়টো ঢৌ অধিক ঘাটক হৈছে সাংবাদিক সকলৰ বাবে। ক’ভিডৰ প্ৰথমটো ঢৌত ৫৬ জন সাংবাদিক আক্রান্ত হৈ মৃত্যুৰ মুখত পৰাৰ বিপৰীতে দ্বিতীয়টো ঢৌত বৰ্তমানলৈকে ১৭১জন সাংবাদিক মৃত্যুৰ মুখত পৰিছে।
লগতে পঢ়ক : ঘূৰ্ণীবতাহ টাউতেত গুজৰাটত ৪৫ জনৰ মৃত্যু
ক’ভিডত আক্রান্ত হৈ তেলেংগানাত ৩৯ জন, উত্তৰ প্রদেশত ৩৭জন, দিল্লীত ৩০ জন, মহাৰাষ্ট্রত ২৪ জন, উৰিষ্যাত ২৬ জন, মধ্যপ্রদেশত ১৯ জন সাংবাদিকে প্ৰাণ হেৰুৱাইছে৷ ক’ভিডত মৃত্যু হোৱা সাংবাদিক সকলৰ ভিতৰত ৪১ বছৰৰ পৰা ৫০ বছৰৰ ভিতৰত আছে ৩১ শতাংশ, ৩১ ৰ পৰা ৪০ বছৰৰ ভিতৰত আছে ১৫ শতাংশ, ৫১ ৰ পৰা ৬০ বছৰৰ ভিতৰত আছে ১৯ শতাংশ, ৬১ ৰ পৰা ৭০ বছৰৰ ভিতৰত আছে ২৪ শতাংশ আৰু ৭১ বছৰৰ ঊর্ধ্বৰ আছে ৯ শতাংশ। উল্লেখ্য যে ডাঙৰ চহৰৰ তুলনাত সৰু চহৰৰ অধিক সাংবাদিক ক’ভিড আক্রান্ত হৈ মৃত্যুৰ মুখত পৰিছে।